...

দৰিদ্ৰতাক নেওচি উজলিল মাজদিয়া-গৰেমাৰীৰ ৰিম্পী বেগম।

Spread the love

দৰিদ্ৰতাক নেওচি উজলিল মাজদিয়া-গৰেমাৰীৰ ৰিম্পী বেগম।

বিজ্ঞান শাখাত চাৰিটা বিষয়ত লেটাৰসহ ৮২.৪ শতাংশ নম্বৰ লাভ ৰিম্পীৰ

দৌলাশাল,২৮এপ্ৰিলঃ

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। দৰিদ্ৰতাক নেওচি উজলি উঠিল বৰপেটা জিলাৰ মাজদিয়া-গৰেমাৰী গাঁৱৰ বাহাৰুল ইছলাম আৰু মনোৱাৰা বেগমৰ কন্যা ৰিম্পী বেগম। দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে পুনৰ প্ৰমাণ কৰিলে ৰিম্পী আহমেদে। বিজ্ঞান শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮২.৪ শতাংশ নম্বৰ লাভ কৰিলে ৰিম্পীয়ে। ইংৰাজীত ৮৪, অসমীয়াত ৯০, জীৱ বিজ্ঞানত ৯০, ৰসায়ন বিজ্ঞানত ৮২ আৰু পদাৰ্থ বিজ্ঞানত ৬৬ শতাংশ নম্বৰ লাভ কৰিছে ৰিম্পী বেগমে। ৰিম্পীৰ পিতৃ বাহাৰুল হক আলী বহুবছৰ ধৰি শয্যাশায়ী হৈ আছে। দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অধ্যয়ন কৰিছিল ৰিম্পীয়ে। ৰিম্পীয়ে ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।চেঙাৰ ছাত্ৰী ৰিম্পী বেগমক ৰামানুজন একাডেমীয়ে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুবিধা দিছিল। শিক্ষানুষ্ঠানখনৰ সঞ্চালক মহিবৰ ৰহমান আৰু অধ্যক্ষ ৰোহিনী কুমাৰ দাসৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৰিম্পী বেগমে।

Leave a Reply

Your email address will not be published. Required fields are marked *