উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাত প্ৰথম স্থান লৈ জকাইলৈ গৌৰৱ
গাৰ্গী বড়া,প্ৰিয়া কলিতা, ডিম্পল হাজৰিকা
বিজ্ঞান শাখাত সমৰজিৎ হাজৰিকাৰ সফলতা
চাইন অন ডেস্ক:
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা ঘোষিত উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাত ডিব্ৰুগড় জিলাৰ অন্যতম শিক্ষানুষ্ঠান বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ বিদ্যালয় আৰু ডিব্ৰুগড় ল’ৰাৰ উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত এগৰাকী ছাত্ৰই প্ৰথম স্থান অধিকাৰ কৰি ডিষ্টিংচন আৰু লেটাৰ নম্বৰ সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ডিব্ৰুগড় বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ বিদ্যালয়ৰ পৰা জকাই বন কুমাৰ গাঁৱৰ গীতাঞ্জলি বড়া আৰু প্ৰয়াত টংকেশ্বৰ বড়াৰ কন্যা গাৰ্গী বড়াই উচ্চতৰ মাধ্যমিক কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰি ডিষ্টিংচন নম্বৰ অৰ্জন কৰিছে।গাৰ্গীয়ে ইংৰাজী ৭১, অসমীয়া- ৯২,শিক্ষাতত্ব-৯৬, সমাজ বিজ্ঞান -৯১, ৰাজনীতি বিজ্ঞান-৮৯, অৰ্থনীতি -৮১সহ ৪৩৯ মুঠ ৫০০ নম্বৰৰ ভিতৰত অৰ্জন কৰি ৮৭.৪ শতাংশ উত্তীৰ্ণ
হাৰেৰে সফলতা অৰ্জন কৰিছে। ঠিক তেনেদৰে জকাই ২নং ভূৰ ভূৰী গাঁৱৰ গোপাল কলিতা আৰু ৰঞ্জিতা কলিতাৰ কন্যা প্ৰিয়া কলিতাই বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ বিদ্যালয়ৰ পৰা প্ৰথম স্থানেৰে ক্ৰমে পাছটা বিষয়ত লেটাৰ নম্বৰ অৰ্জন কৰিছে।প্ৰিয়া কলিতাই ইংৰাজী -৭১, অসমীয়া-৯১, সমাজ বিজ্ঞান-৯২, ৰাজনীতি বিজ্ঞান -৮৩, অৰ্থনীতি বিজ্ঞান-৮৩,শিক্ষাতত্ব-৮০সহ মুঠ ৫০০ ভিতৰত ৪২০নম্বৰ লাভ কৰি ৮৪ শতাংশ উত্তীৰ্ণ হাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও জকাই উলোম পথাৰ গাঁৱৰ দিবাকৰ হাজৰিকা আৰু ৰেণু হাজৰিকাৰ পুত্ৰ ডিম্পল হাজৰিকাই বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ
বিদ্যালয়ৰ পৰাই চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ প্ৰথম স্থান অধিকাৰ কৰিছে । ডিম্পলে উচ্চতৰ মাধ্যমিক কলা শাখাৰ অসমীয়া ৯০,সমাজ বিজ্ঞান -৮৬,শিক্ষাতত্ব-৮৪, ৰাজনীতি বিজ্ঞান -৮৪ ইংৰাজী -৫৭, আৰু অৰ্থনীতি বিষয়ত ৫৫ সহ মুঠ ৫০০ ভিতৰত ৪০১নম্বৰ অৰ্জন কৰি ৮০.২শতাংশ উত্তীৰ্ণ হাৰেৰে সফলতাৰে উচ্চতৰ মাধ্যমিক কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম। আনহাতে ডিব্ৰুগড় জিলাৰ জকাই ২নং ভূৰ ভূৰী গাঁৱৰ দুৰ্গেশ্বৰ হাজৰিকা আৰু বীণা কলিতাৰ পুত্ৰ সমৰজিৎ হাজৰিকাই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ডিব্ৰুগড় ল’ৰাৰ উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম। সমৰজিৎ হাজৰিকাই ইংৰাজী -৮৪, অসমীয়া -৮৫, জীৱন বিজ্ঞান -৮৬, পদাৰ্থ বিজ্ঞান-৮৪,ৰসায়ন বিজ্ঞান -৬৭ সহ মুঠ ৫০০ৰ ভিতৰত ৪০৬নম্বৰ অৰ্জন কৰি ৮১.২ শতাংশ
উত্তীৰ্ণ হাৰেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক কলা শাখাত তিনি আৰু গৰাকী বিজ্ঞান শাখাত এগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ জকাই অঞ্চললৈ গোৰৱ কঢ়িয়াই আনিছে।