...

ফকিৰগঞ্জত তীব্ৰ চাঞ্চল্য!

Spread the love

ফকিৰগঞ্জত তীব্ৰ চাঞ্চল্য!

স্কুললৈ বুলি ওলাই যোৱা তিনিগৰাকী কিশোৰী নিৰুদ্দেশ!

মানকাচৰ,২৭ এপ্ৰিল:

দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বালাটাৰী গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
গাঁৱখনৰ তিনিগৰাকীকৈ স্কুলীয়া ছাত্ৰী একেলগে নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা আৰু উদ্বেগৰ সৃষ্টি কৰিছে।
নিৰুদ্দেশ হোৱা ছাত্ৰী তিনিগৰাকী হ’ল
মাকমুদা খাতুন, সুন্দৰপাৰা এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম মইনাল খান।
শাহনাছ পাৰবিন, আইৰকাটা ছোৱালী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম শ্বাহজামাল আলী।
ছুমিয়া খাতুন, জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম শেৰ আলী।
প্ৰাপ্ত খবৰ অনুসৰি, আজি ছাত্ৰী তিনিগৰাকীয়ে সদায়ৰ দৰে নিজ নিজ স্কুললৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু স্কুল ছুটী হোৱাৰ বহু সময় পাৰ হৈ যোৱাৰ পিছতো ছাত্ৰীকেইগৰাকী ঘৰলৈ উভতি নাহিল। আত্মীয়-স্বজন তথা সম্ভাব্য সকলো স্থানতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচৰ কৰাৰ পাছতো বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই।
কিশোৰী তিনিগৰাকী নিৰুদ্দেশ হোৱাৰ পাছতেই পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে আৰু এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ইতিমধ্যে নিৰুপায় হৈ পৰিয়ালৰ লোকে ফকিৰগঞ্জ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
যদি কোনো সদাশয় ব্যক্তিয়ে এই কিশোৰী তিনিগৰাকীৰ কিবা শুংসূত্ৰ পায়, তেন্তে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰি ভাঙি পৰা পৰিয়ালকেইটাক সহায় কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।যোগাযোগৰ নম্বৰ ৮৬৩৮৩-৩২৮৬৪

Leave a Reply

Your email address will not be published. Required fields are marked *