...

ডিব্ৰুগড়ত সাহিত্য-সংস্কৃতি বহুমূখী ৰামধেনু উদ্যোগ

Spread the love

ডিব্ৰুগড়ত সাহিত্য-সংস্কৃতি বহুমূখী ৰামধেনু উদ্যোগ

‘ধ্ৰুৱ চৰিত্ৰ’ৰ শিশু ভাওনাই শ্ৰোতা দৰ্শকক মুহিলে

 

চাইন অন ডেস্ক:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি খোল-তাল, মাংগলিক ধ্বনি আৰু ভকত-বৈষ্ণৱ ৰাইজৰ উপস্থিতিত ডিব্ৰুগড়ৰ মানকটা কছাৰীবাৰীস্থত শ্ৰীশ্ৰী আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহ ৰংগমঞ্চত ‘ধ্ৰুৱ চৰিত্ৰ’ শিশু ভাওনা ” প্ৰদৰ্শন কৰি শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ লক্ষীনগৰত সমাজৰ বাস্তৱতা, মনস্তাত্ত্বিক বিশ্লেষণ, নগৰকেন্দ্ৰিক জীৱনৰ যন্ত্রণা, নিঃসংগতা আৰু সমাজবাদী আদর্শৰে প্ৰতিষ্ঠিত হৈছিল সাহিত্য -সংস্কৃতিৰ বহুমুখী অনুষ্ঠান। এই অনুষ্ঠানটোৱে প্ৰতিষ্ঠা লাভ কৰাৰ ৩ মাহ নহওঁতে “ৰামধেনু’ৰ উদ্যোগত ৰামধেনু পৰিয়ালৰ কণ কণ শিশুসকলৰ দ্বাৰা ‘ ভাওনা প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। সাহিত্য- সংস্কৃতিৰ সমাহাৰে শনিবাৰে দিনজোৰা কাৰ্যসূচীত পুৱা ১০ বজাত পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে প্রাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন তথা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে নাম প্ৰসংগ, আৰু ‘ৰামধেনু’ শিক্ষক আৰু শিক্ষাৰ্থীসকলদ্বাৰা বৰগীত, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য লগতে দিহানাম পৰিৱেশন কৰা হ’য়। সন্ধিয়া বিশেষ সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ সভাপতি ৰাণা দত্তই আতঁধৰা অনুষ্ঠানত শ্ৰীমন্ত শংৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা সম্পাদক ব্ৰজান্দ ভূঞা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নোমল গগৈ, মানকটা শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল, সম্পাদক, নৱনীতা শ্যাম উৰঙীয়া, কেশৱ গগৈ , অমল গগৈ , প্ৰশান্ত কাকতি , উদয় শংকৰ মোহন, ৰামধেনু সম্পাদক বিনোদ গগৈসহ বহুকেইগৰাকী সাহিত্য সংস্কৃতিৰ লগত জৰিত ব্যক্তিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত সমিতিৰ সম্পাদক বিনোদ গগৈ,সহকাৰী সম্পাদক জয়ন্ত দত্ত, সুনীল ৰাজকোঁৱৰকে ধৰি সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত আছিল। চাচনি গৌৰৱ বঁটা , বীৰ চিলাৰায় বঁটা আদি সন্মানেৰে বিভূষিত তথা বিশিষ্ট গল্পকাৰ, কবি, প্রবন্ধকাৰ, অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক তথা অসম চৰকাৰৰ লোকনির্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা প্ৰশান্ত শইকীয়াই ভাওনা উদ্ধোধন কৰি এই প্ৰতিষ্ঠানৰ জৰিয়তে এখন নিকা সমাজ গঠন কৰি সমাজৰ মংগলৰ লগতে ভাওনা পৰম্পৰা,আৰু প্ৰজন্মৰ বাবে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বহুখিনি গঠনমূলক পৰামৰ্শ প্ৰদান কৰা লগতে লক্ষীনগৰত এখনি শাখা সাহিত্য সভা গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *