...

দিল্লী বিশ্ববিদ্যালয় আৰু সামুদ্রিক অর্থনীতি আৰু সংযোগ কেন্দ্ৰৰ মাজৰ বুজাবুজিৰ চুক্তি

Spread the love

দিল্লী বিশ্ববিদ্যালয় আৰু সামুদ্রিক অর্থনীতি আৰু সংযোগ কেন্দ্ৰৰ মাজৰ বুজাবুজিৰ চুক্তি

এই চুক্তিয়ে গৱেষণা আৰু দক্ষতাক অধিক শক্তিশালী কৰিব:সৰ্বানন্দ সোণোৱাল

নতুন দিল্লী, ২৪ এপ্রিল:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ভাৰতৰ সামুদ্রিক খণ্ডই অর্থনৈতিক

উন্নয়নত কেনেকৈ এক গুৰুত্বপূৰ্ণ ৰূপান্তৰকাৰী ভূমিকা গ্রহণ কৰিব পাৰে, সেই বিষয়ে আজি আলোকপাত কৰে। এই উপলক্ষে দিল্লী স্কুল অৱ ইক’নমিক্স প্রতিষ্ঠানত দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি বিনিময় কৰা হয়৷

দিল্লী বিশ্ববিদ্যালয় আৰু চেন্টাৰ ফ’ৰ মেৰিটাইম ইক’নমী এণ্ড কানেক্টিভিটিব মাজত হোৱা এই চুক্তিয়ে ভাৰতৰ দৈৰ্ঘ্যমাদী সামুদ্রিক দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সামুদ্রিক শিক্ষা, গৱেষণা আৰু সক্ষমতা বিকাশ শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।

“বিকশিত ভাৰতৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়ি যাওঁতে সামুদ্রিক খণ্ডই ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি, বাণিজ্যিক উত্তৰণ আৰু বহনক্ষম উন্নয়নত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই চুক্তিৰ মুখ্য উদ্দেশ্য হৈছে সামুদ্রিক প্রতিভা বিকাশ কৰা, যাৰ জৰিয়তে বিশ্বমানৰ সামুদ্রিক পেছাদাৰী সৃষ্টি কৰি ভাৰতক এইক্ষেত্ৰত বিশ্বৰ আগশাৰীলৈ লৈ যোৱা হ’ব,” সোণোৱালে কয়।

তেওঁ লগতে কয় যে ভাৰতৰ ১১,০০০ কিলোমিটাৰৰো অধিক উপকূল আৰু ১১১টা ৰাষ্ট্ৰীয় জলপথ থকাৰ বাবে সামুদ্রিক ব্যৱস্থাপনা শক্তিশালী কৰাটো অত্যন্ত প্রয়োজনীয়। এছএজিএআৰ আৰু মহাসাগৰ নীতিৰ জৰিয়তে চৰকাৰে আঞ্চলিক সহযোগিতা, সামুদ্রিক নিৰাপত্তা আৰু সামূহিক সমৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে।

এই চুক্তিয়ে শৈক্ষিক আৰু নীতি নির্ধাৰক প্ৰতিষ্ঠানসমূহৰ মাজত আন্তঃবিষয়ক সহযোগিতা বৃদ্ধি কৰিব, য’ত সামুদ্রিক পাঠ্যক্রম, যৌথ গৱেষণা, প্রশিক্ষণ কার্যসূচী, জ্ঞান অন্বেষণ আৰু ছাত্ৰ-ছাত্ৰীৰ পেছাগত দিশসমূহ অন্তর্ভুক্ত কৰা হৈছে।

সোণোৱালে এই সহযোগিতাক “ভৱিষ্যৎমুখী পদক্ষেপ” বুলি অভিহিত কৰি কয় যে ইয়াৰ জৰিয়তে যুৱসমাজে ভাৰতৰ দ্রুত বিকশিত সামুদ্রিক খণ্ডত অধিক সুযোগ লাভ কৰিব৷ তেওঁ উল্লেখ কৰে যে বিগত ১২ বছৰত ভাৰতৰ সামুদ্রিক কর্মীসংখ্যা প্রায় তিনিগুণ বৃদ্ধি পাইছে আৰু বৰ্তমান বিশ্বৰ সামুদ্রিক কর্মশক্তিৰ প্ৰায় ১২% ভাৰতীয়, যাক ২০৩০ চনৰ ভিতৰত ২০%লৈ নিয়াৰ লক্ষ্য লোৱা হৈছে।

কেন্দ্রীয় মন্ত্রীয়ে লগতে কয় যে বন্দৰ আধুনিকীকৰণ, বহু-মাধ্যম সংযোগ, বহনক্ষম উন্নয়ন আৰু ডিজিটেল ব্যৱস্থাক সামৰি ভাৰতৰ সামুদ্রিক ৰূপান্তৰ ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে। সাগৰমালা আৰু সামুদ্রিক অমৃতকাল ভিজন ২০৪৭ৰ দৰে মুখ্য কাৰ্যসূচীয়ে এইক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছে।

এই সহযোগিতাই সামুদ্রিক লজিষ্টিক ব্যৱস্থা, সেউজ জাহাজ চলাচল, যোগান শৃংখল ব্যৱস্থাপনা আৰু সামুদ্রিক নীতিৰ দৰে ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

এই অনুষ্ঠানত ৰিছাৰ্চ এণ্ড ইনফৰমেচন ছিষ্টেম ফ’ৰ ডেভেলপিং কাউনট্ৰীছ আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ মাজতো আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়, যাৰ লক্ষ্য হৈছে ৰাজহুৱা নীতি গৱেষণা আৰু প্ৰশিক্ষণ ক্ষেত্রত যৌথ কাৰ্যসূচী আগবঢ়োৱা।

এই অনুষ্ঠানত উচ্চপদস্থ বিষয়াও গ্রিক খণ্ডৰ অগ্রণী ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে। এই অনুষ্ঠান ভাৰতৰ সামুদ্রিক খণ্ডত শিক্ষা, গৱেষণা আৰু নীতিৰ সংহতিৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *