কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ নাৰায়ণপুৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ উদযাপন কৰা হয় ৷ বিগত বৰ্ষবোৰৰ দৰে পৰম্পৰা ৰক্ষা কৰি নাৰায়ণপুৰ ৰাইজ গয়ৰহে এইবেলিও ঐতিহাসিক শ্ৰীশ্ৰী গোপাল গোঁসাইৰ বছৰেকীয়া সুঁৱৰি উৎসৱটি উদযাপন কৰে ৷ কাৰ্যসূচী অনুসৰি পুৱা গোঁসাই স্নান,হোমযজ্ঞ আৰম্ভ কৰাৰ লগতে পুষ্পাঞ্জলি প্ৰদান কৰে ৷ ইফালে দুপৰীয়া গোঁসাই মন্দিৰৰ চৌদিশ পৰিভ্ৰমণ কৰাৰ উপৰি ৰভাতলীত স্থাপন কৰে ৷ কৃষ্ণ,বলোৰাম , গোপালৰ ৰভাতলীত আসন গ্ৰহণ তথা গোপিনী পদাৰ্পণৰ পিছতে সমূহীয়া আনন্দ উল্লাসৰ মাজেৰে প্ৰদৰ্শন কৰা দধি মন্থনৰ নান্দনিক দৃশ্যৰাজিয়ে এক অনাবিল পুলকিত পৰিৱেশৰ সৃষ্টি কৰে ৷ আনহাতে,কালি ৰাইজ গয়ৰহে পুনঃ নিৰ্মাণ কৰি উলিওৱা শ্ৰীশ্ৰী গোপাল গোঁসাই মন্দিৰৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে ৷ উক্ত মাংগলিক কাৰ্যসূচী অনুসৰি পুৱা ৰাইজ গয়ৰহৰ সভাপতি বিজয় চন্দ্ৰ দাসে ধৰ্মধ্বজা উত্তোলন কৰাৰ উপৰি স্মৃতি তৰ্পণ কৰে উমেশ কলিতাই । ইফালে আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কৈলাশ শৰ্মাই নৱ নিৰ্মিত মন্দিৰৰ প্ৰৱেশদ্বাৰ মুকলি কৰে । অৰুণ শৰ্মাই জয় বিজয় আৰু গোবিন্দ দাসে দশাৱতাৰ উদ্বোধন কৰে ৷ আনহাতে, হোম যজ্ঞ,পুস্পাঞ্জলি প্ৰদান,বিগ্ৰহ স্থাপন আৰু সমূহীয়া শোভাযাত্ৰাৰে গোঁসাইৰ গাঁও প্ৰদৰ্শনৰ উপৰি ঘটবুৰণ তথা দধি মন্থন কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিয়ে সভাপতি বিজয় চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শৰ্মাই ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.