...

ঢকুৱাখনাৰ জাছিংফা বৰগোহাঁই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

Spread the love

ঢকুৱাখনাৰ জাছিংফা বৰগোহাঁই

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

ঢকুৱাখনা:

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত চি চি আৰ টি ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ জীয়ৰী জাছিংফা বৰগোহাঁইৱে।ঢকুৱাখনাৰ ছেইণ্ট থমাছ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী জাছিংফা বৰগোহাঁইৱে সাংস্কৃতিক কৰ্মী তথা ঢোলৰ ওজা ভৈৰৱজ্যোতি দত্তৰ তত্বাৱধানত বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এই কৃতিত্ব অৰ্জন কৰিছে।চাৰি বছৰ বয়সৰ পৰাই বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা জাছিংফা বৰগোহাঁই ঢকুৱাখনাৰ বালি গাঁৱৰ নিৱাসী বিমান বৰগোহাঁই আৰু সাংস্কৃতিক কৰ্মী বনশ্ৰী চমুৱাৰ জীয়ৰী। অধ্যয়নৰ লগতে বিহু নাচ,ভাওনা,সৌন্দৰ্য্যচৰ্চা, সমৰকলাৰ আদিৰ সমান্তৰালকৈ সম্প্ৰতি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষন গ্ৰহণ কৰি থকা জাছিংফাই বিগত সম়য়ত কেইবাখনো বিহু মঞ্চত মৌ কুঁৱৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।আজৰি সময়ত গান শুনি ভালপোৱা কণমানি ছাত্ৰীগৰাকীৰ এই সফলতাৰ বাবে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *