মিছামাৰীৰ চি এছ ডি ডিপোৰ বিলাতী সুৰা লৈ ট্ৰাকৰ পলায়ন!
সুৰা ভৰ্ত্তি ট্ৰাক সহ পাঁচ গ্ৰেপ্তাৰ
মিছামাৰী:
শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত ভাৰতীয় সেনা চাউনিত অৱস্থিত চি এছ ডি ডিপোৰ পৰা যোৱা নিশা এখন দহ চকীয়া ট্ৰাকত বুজন পৰিমাণৰ বিলাতী সুৰা ভৰ্ত্তি কৰি উধাও হোৱাৰ পৰত ট্ৰাকখনৰ সৈতে পাঁচজনকৈ লোক আটক হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চি এছ ডি ডিপোটোত কৰ্মৰত কেইজনমান কৰ্মচাৰী আৰু সেনাজোৱানৰ দলটোৱে পূৰ্ব কল্পিত পৰিকল্পনা অনুসৰি যোৱা নিশা সুযোগৰ সন্ধান বিচাৰি পাই কেইবালাখ টকা মূল্যৰ বিলাতী সুৰা বাহিৰত বিক্ৰী কৰিবলৈ নিয়াৰ পৰত সুৰা ভৰ্ত্তি বাহনৰ সৈতে ঘটনাটোৰ সৈতে জড়িত আটাইকেইজন আটক হ’বলগীয়া হয় ৷ আটকাধীন সুৰা ভৰ্ত্তি ট্ৰাক খন বৰ্তমান মিছামাৰী আৰক্ষী থানাৰ আৰক্ষীৰ জিম্মাত আছে ৷ আৰক্ষী সূত্ৰে লাভকৰা তথ্যানুসৰি কে এ ৫২ এ ২৫৬৯ নম্বৰৰ দহ চকীয়া এখন ট্ৰাকত মিছামাৰীৰ চি এছ ডি ডিপোৰ ১৩১ কাৰ্টুন বিলাতী সুৰা ভৰ্ত্তি কৰি মিছামাৰীৰ পৰা বাংগালোৰোলৈ সৰবৰাহ কৰাৰ যো-জা কৰাৰ সময়তে ভাৰতীয় সেনাৰ গজৰাজ কোম্পানীৰ চোৰাংচোৱা বাহিনীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই সুৰা ভৰ্ত্তি বাহন আৰু চুৰি ঘটনাটোৰ সৈতে জড়িত পাঁচজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় আৰু নিশাই স্থানীয় আৰক্ষী প্ৰশাসনক চমজি দিয়ে ৷ জানিব পৰামতে ট্ৰান্সপোৰ্টৰ অধীনত চলাচল কৰা ট্ৰাকখনত অন্যান্য সামগ্ৰীৰ মাজত বিলাতী সুৰাৰ কাৰ্টুন আৰু প্ৰকাণ্ড প্ৰকাণ্ড টিনৰ বাকচত কেৱল সেনা জোৱানৰ বাবে প্ৰযোজ্য বৃহৎ পৰিমাণৰ বিলাতী সুৰা বজাৰত বিক্ৰীৰ কৰিবলৈ সৰবৰাহকাৰী দলটোৱে পৰিকল্পনা কৰিছিল ৷ কিন্তু তেওঁলোকৰ পৰিকল্পনা সফল নহ’ল ৷ আৰক্ষীয়ে ইতিমধ্যে সুৰা ভৰ্তি ট্ৰাকখনৰ বিলাতী সুৰা খিনি জব্দ কৰাৰ লগতে মিছামাৰী চি এছ ডি ডিপোৰ পৰা বহিঃৰাজ্য বাংগালোৰোলৈ নিয়াৰ কাৰণে চেষ্টা চলোৱা সুৰা খিনি জব্দ কৰিছে ৷ জব্দ কৰা সুৰা খিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে । ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত ভাৰতীয় সেনাৰ চোৰাংচোৱা বাহিনীয়ে পাঁচজনক আটক কৰিছে। ভাৰতীয় সেনাৰ গজৰাজ কোম্পানীৰ চোৰাংচোৱা বাহিনীৰ দলটোৱে আটক কৰা বিহাৰৰ বৈশালী জিলাৰ জন্দাহা আৰক্ষী থানাৰ অন্তৰ্গত বশান্তপুৰৰ অভয় কুমাৰ সিং (৩৭), মিছামাৰীৰ চুৰিন্দৰ বাছফৰ (৪৫), তামিলনাডুৰ তাঞ্জাউৰৰ আন্নাখুৰাই ধনুশকুলাই চেত্ৰী, হাৰিয়ানাৰ ঝজ্জাৰ জিলাৰ ঝজ্জাৰ আৰক্ষী থানাৰ অন্তৰ্গত উখালচানাৰ পৰবিন কুমাৰ (৩১) আৰু মিছামাৰী অনুচুমা বড়ো (২০)ক আৰক্ষীক গতায় দিয়ে। ঘটনা সন্দৰ্ভত মিছামাৰী থানাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু উল্লেখিত পাঁচ জনকো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷