গাজিয়াবাদৰ বস্তি অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড
ছাৰখাৰ ৫০০ টা জুপুৰি
কমেও ১০টি শিশু সন্ধানহীন
গাজিয়াবাদ:

উপকণ্ঠীয় গাজিয়াবাদৰ ইন্দিৰাপুৰম থানাৰ অন্তৰ্গত কনাৱনি গাঁৱৰ এক বস্তি অঞ্চলত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৫০০ টা জুপুৰি জ্বলি ছাৰখাৰ হয়। বস্তিৰ ওপৰেৰে যোৱা উচ্চক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ পৰা ফিৰিঙতি ছিটিকি দুটা জুপুৰিত পৰাৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্রপাত ঘটে। নিমিষতে অঞ্চলটোৰ ৫০০ জুপুৰি জ্বলি ছাৰখাৰ হয়। ইয়াৰ সমান্তৰালভাৱে ভালেমান ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ সময়ত বস্তিৰ লোকসকল বাহিৰলৈ কামৰ বাবে গৈছিল। জুপুৰিত আছিল কণ কণ শিশু। এতিয়ালৈকে ১০টি শিশু সন্ধানহীন হৈ আছে।