...

ঢোল-পেপাঁৰ মাতেৰে ‘বহাগ বিহু আদৰণি’ অনুষ্ঠান

Spread the love

ঢোল-পেপাঁৰ মাতেৰে ‘বহাগ বিহু আদৰণি’ অনুষ্ঠান

ঢকুৱাখনাৰ কাইজেন একাডেমীত ৰঙালী বিহুৰ উচাহ

পুলকজ্যোতি বৰা,ঢকুৱাখনা:

আজি ৰঙালী বিহুৰ উৰুকা। বসন্তৰ বতৰাই উন্মনা কৰিছে প্ৰতিজন অসমীয়াৰ দেহ-মন। বসন্তক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে আজি
ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ প্ৰাংগনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। বিগত বৰ্ষৰ দৰে এইবেলিও ঢকুৱাখনাৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত উদযাপন কৰিলে ৰঙালী বিহু আদৰণি উৎসৱ। অসমীয়া জাতিৰ প্ৰাণ উৎসৱ ব’হাগ বিহু তথা ৰঙালী বিহুক নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ বাবে কাইজেন একাডেমীৰ
বিশেষ উদ্যোগত সোমবাৰে সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয় “বহাগ বিহু আদৰণি” অনুষ্ঠান। প্ৰতি বছৰৰ দৰেই এইবেলিও বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক স্বকীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়।আজি পুৱাৰ পৰাই বিদ্যালয়ৰ বাকৰি কঁপাই তোলে ঢোল, পেপা আৰু গগনাৰ মাতে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।জাতীয় সাজপাৰ পৰিহিত শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উৎসৱ মুখৰ পৰিবৱেশৰ সৃষ্টি হোৱা শিক্ষানুষ্ঠানখনৰ চৌহদত পৰম্পৰাগত ৰীতি-নীতিৰে হুঁচৰি জোৰে শিক্ষাৰ্থীসকলে । কাইজেন একাডেমীৰ অধ্যক্ষ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীয়েও জাতীয় সাজ-পোছাক পৰিধান কৰি বিহুনাম গাই ,বিহু নাচ নাচি একাত্ম হয় ৰঙালীৰ আদৰণি অনুষ্ঠানত। থলুৱা পিঠা পনাৰে অতিথিক আপ্যায়ন কৰি জাতিয় উৎসৱ ৰঙালী বিহুক উষ্ম আদৰণি জনাই।বিভিন্ন জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ লোকেৰে পৰিপূৰ্ণ অঞ্চলটোত বসবাস কৰা লোকৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য-সংহতি তথা ভাতৃত্ববোধ যাতে ছাত্ৰ-ছাত্ৰীয়ে উপলব্ধি কৰি জাতীয় উৎসৱৰ মহত্ব বুজি উঠে, তাৰেই এক যোগাত্মক প্ৰয়াস হিচাপে শিক্ষানুষ্ঠানখনে এই পদক্ষেপ গ্ৰহণ কৰে।অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানত কাইজেন একাডেমীৰ অধ্যক্ষ
চাবিবা চুলতানা আহমেদ,শৈক্ষিক সমন্বয়ক কুমুদ চন্দ্ৰ শৰ্মা, কাইজেন ছছাইটিৰ সঞ্চালক ৰাজ কুমাৰ শৰ্মা,উপ-সঞ্চালক ধৰ্মেন্দ্ৰ বৰাৰ লগতে সকলো শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীসকল উপস্থিত থাকে ।ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া লোক-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা আৰু নতুন প্ৰজন্মক বিহুৰ প্ৰকৃত মহত্ত্বৰ সৈতে চিনাকি কৰি দিয়াৰ এই প্ৰয়াসে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *