গুজৰাটত ডেৰ বছৰ ধৰি তৰুণীক দলবদ্ধ ধর্ষণ সাত দুর্বৃত্তৰ
গুজৰাট,গান্ধীনগৰঃ নগ্ন ভিডিঅ’ দেখুৱাই দিনৰ পিছত দিন ব্লেকমেইল! প্ৰায় ডেৰ বছৰ ধৰি এজনী তৰুণীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে ৭ দুর্বৃত্তৰ বিৰুদ্ধে। এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে গুজৰাটৰ বনাছকান্থা জিলাত। আজি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ২০২৩ চনত পালামপুৰৰ এখন কলেজত ভর্তি হৈছিল তৰুণীজনী। সেই সময়ত বিশাল চৌধুৰী নামৰ এজন যুৱকৰ সৈতে ইনষ্টাগ্ৰামত বাৰ্তালাপ হয় তৰুণীৰ। সেই বছৰৰ নৱেম্বৰৰ মাহত এখন হোটেললৈ তৰুণীজনীক লৈ যায় আৰু পোছাকত খাদ্য পেলাই দিয়ে। এই পোছাক পৰিষ্কাৰ কৰাৰ নামত ঘৰলৈ বিশালে তৰুণীজনীক লৈ গৈ বাথৰুমত গোপনে ভিডিঅ’ প্রস্তুত কৰে। এই ভিডিঅ’ দেখুৱাই বিগত ১৬ মাহ ধৰি তৰুণীজনীক বিশাল আৰু অন্য ৬ জন যুৱকে ধৰ্ষণ কৰি আহিছিল।অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই।ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।