...

ডিব্ৰুগড়ত ভোটগ্ৰহণৰ বাবে সকলো বিষয়া ৰাওনা

Spread the love

ডিব্ৰুগড়ত ভোটগ্ৰহণৰ বাবে সকলো বিষয়া ৰাওনা

 

৩০০ টা মহিলা ভোটকেন্দ্ৰ, ৪৪ টা অতি জটিল ভোটগ্ৰহণ কেন্দ্ৰ
ছটা সমষ্টিত মুঠ ১০,৪৬,০৩১ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব

চাইন অন ডেস্ক:

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে লাহোৱালৰ ডিব্ৰুগড় পলিটেকনিকৰ পৰা আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ছটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সামগ্ৰী বিতৰণৰ কাম আৰম্ভ হৈছে।শৃংখলাবদ্ধত আৰু শান্তিপূৰ্ণ ভোটদান সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ অধীনত নিৰ্বাচনী সা-সামগ্ৰী লৈ প্ৰিজাইডিং বিষয়াৰ লগতে নিৰ্বাচনী বিষয়াসকলে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিছে।ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়াৰ ছটা সমষ্টিত মুঠ ১০,৪৬,০৩১ জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।

ইয়াৰ ভিতৰত আছে ৫,০৪,২০৬ জন পুৰুষ ভোটাৰ, ৫,৪১,৮১৫ জন মহিলা ভোটাৰ, আৰু আন ১০ জন ভোটাৰ।

সমষ্টিভিত্তিক ভোটাৰৰ সবিশেষঃ

চাবুৱা-লাহোৱাল: মুঠ ভোটাৰ ১,৭৮,৩৯৭ বিপৰীতে -পুৰুষ: ৮৫,৭৩৬, মহিলা: ৯২,৬৬০ আৰু অন্যান্য: ১গৰাকী।
ডিব্ৰুগড়ঃ ১,৯৭,৭৫২ ৰ বিপৰীতে পুৰুষ: ৯৩,৯৭৯, মহিলা: ১,০৩,৭৭১ আৰু অন্যান্য: ২ গৰাকী।
খোৱাং: ১,৫৭,৭৬৮ ৰ বিপৰীতে পুৰুষ: ৭৬,৩৬৮, মহিলা: ৮১,৩৯৭ আৰু অন্যান্য: ৩ গৰাকী।
দুলীয়াজানঃ ১,৭৭,৫৫২ ৰ বিপৰীতে পুৰুষ: ৮৫,৮৭৭, মহিলা: ৯১,৬৭২ আৰু অন্যান্য: ৩ গৰাকী।
টিংখং: ১,৭৮,২০১ ৰ বিপৰীতে পুৰুষ: ৮৫,৯৬০, মহিলা: ৯২,২৪১ গৰাকী।
নাহৰকটীয়াঃ ১,৫৬,৩৬১ ৰ বিপৰীতে পুৰুষ: ৭৬,২৮৬, মহিলা: ৮০,০৭৪ আৰু অন্যান্য: ১ গৰাকী।

ইফালে ২৬টা মণ্ডল আৰু ১২৮টা খণ্ডত বিভক্ত মুঠ ১৩২২টা ভোটকেন্দ্ৰ আছে জিলাখনত।ৰিৰ্জাভকে ধৰি প্ৰায় ৬,০৮২ জন ভোটগ্ৰহণ আৰু প্ৰিজাইডিং বিষয়াক নিয়োগ কৰা হৈছে।ৰিৰ্জাভকে ধৰি মুঠ ১৬৫০টা ইভিএম আৰু ১৭৮২টা ভিভিপিএটি প্ৰস্তুত কৰা হৈছে।
ইয়াৰ উপৰিও ৩০০টা মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে, লগতে ৪৪টা অতি জটিল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।প্ৰতিটো সমষ্টিত এটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।আনহাতে
দুৰ্গম অঞ্চলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ভোটগ্ৰহণ দল নদী পৰিবহণেৰে পাঁচটা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।ইয়াৰে দধিয়াত তিনিটা আৰু চাবুৱা-লাহোৱাল এল এ চিৰ অন্তৰ্গত চৰখলিয়া চাপৰি আৰু চকিয়া চাপৰীত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে।
ভোটকেন্দ্ৰসমূহৰ ভিতৰত খোৱাঙৰ বেজপথাৰ এম ভি স্কুলত সৰ্বাধিক ভোটাৰৰ সংখ্যা (১২৪৮টা ভোটাৰ) হোৱাৰ বিপৰীতে সৰ্বনিম্ন নাহৰকটীয়াৰ নামৰূপ কেন্দ্ৰৰ বিভিএফচিএল এইচ এছ স্কুলত (১৪৪টা ভোটাৰ) ভোটাৰ পোৱা গৈছে।
বুথ, ছেক্টৰ, আৰু জ’নেল পৰ্যায়ত তিনি স্তৰৰ ব্যৱস্থাৰে বিশাল সুৰক্ষা ব্যৱস্থা কৰা হৈছে।কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ২৮টা কোম্পানীক প্ৰতিৰোধমূলক ব্যৱস্থা, এলেকাৰ আধিপত্য, আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ ব্যৱস্থাৰ বাবে নিয়োগ কৰা হৈছে।
নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ বাবে ১৩টা কুইক ৰেচপন্স টিম (কিউআৰটি) আৰু ৩টা ষ্ট্ৰাইক ৰেচপন্স টিম সাজু কৰি ৰখা হৈছে।প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত হোমগাৰ্ড, আৰক্ষী জোৱান, আৰু চিএপিএফৰ জোৱান মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *