...

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ

Spread the love

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ ২৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা

নামৰূপ:

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড (BVFCL)-এ কালি ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰে। এই বিশেষ দিনটো কোম্পানীটোৰ কৃষি উন্নয়ন আৰু ৰাষ্ট্ৰীয় উদ্যোগীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত অৱদানৰ এক উজ্জ্বল স্মাৰক হিচাপে পৰিগণিত হৈছে।
এই উপলক্ষে, দেওবাৰে পুৱা অধ্যক্ষ তথা পৰিচালনা সঞ্চালক মোহন ৰাজ শেট্টী আৰু BVFCL-ৰ কৰ্মচাৰীসকলে দূৰদৰ্শী প্ৰতিষ্ঠাপক মোহিনী ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে উদ্যোগটোৰ প্ৰশাসনিক ভৱন প্ৰাংগণত বি ভি এফ চি এল ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ মোহন ৰাজ শেট্টীয়ে। এই অনুষ্ঠানতে অধ্যক্ষ গৰাকীয়ে বক্তব্যত কয় যে
প্ৰয়াত মোহিনী ফুকনৰ দূৰদৰ্শিতা আৰু নিৰন্তৰ প্ৰচেষ্টাই নামৰূপৰ দৰে পিছপৰা সীমান্তৱৰ্তী অঞ্চলত উদ্যোগিক বিপ্লৱৰ ভেটি স্থাপন কৰিছিল।
উল্লেখ প্ৰয়োজন যে যে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড ২০০২ চনৰ ৫ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল। প্ৰয়াত মোহিনী ফুকনৰ নেৰেনেপেৰা চেষ্টাৰ অন্তত ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা নামৰূপ সাৰকাৰখানা অৰ্থাৎ হিন্দুস্থান ফাৰ্টিলিজাৰ কৰ্পোৰেচন লিমিটডৰ ক্ৰমাৎ ব্যৱসায়িক উৎপাদন আৰম্ভ হল।, ক্ৰমান্বয়ে তিনিটা ইউনিট স্থাপন হল।কিন্ত্ত বিভিন্ন কাৰণত Hindustan Fertilizer Corporation Limited-ৰ অধীনত থকা নামৰূপ ইউনিটটো পিছলৈ পৃথক কৰি বি ভি এফ চি এল (BVFCL) গঠন কৰা হয়। এই ২৫ বছৰীয়া কোম্পানীটোৱে দেশলৈ আগবঢ়াইছে কৃষি খণ্ডৰ প্ৰতি অবিৰত প্ৰতিশ্ৰুতি, কৃষককল্যাণৰ প্ৰতি দায়বদ্ধতা আৰু ৰাষ্ট্ৰীয় উন্নয়নত আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান। অধ্যক্ষ গৰাকীয়ে কয় যে
মোহিনী ফুকনৰ অৱদান কেৱল উদ্যোগ উন্নয়নতে সীমাবদ্ধ নাথাকি, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সেউজ বিপ্লৱ শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত কৃষকসকল সৱল হৈ উঠাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে।
২৫ বছৰীয়া এই ৰূপালী জয়ন্তী উপলক্ষে BVFCL- পৰিয়ালে নতুন উদ্যমেৰে উন্নয়ন আৰু ৰাষ্ট্ৰ সেৱাৰ ক্ষেত্ৰত নিয়োগ কৰাৰ সংকল্প লয়। অনুষ্ঠানত প্ৰশাসনিক আৰু বিপণন বিভাগৰ মহাপ্ৰৱন্ধক সত্যজিৎ মিশ্ৰ, উৎপাদন মহাপ্ৰৱন্ধক দুধ কুমাৰ দাস, উপ মহাপ্ৰৱন্ধক দব্লিও : ভিঃ অৰুণ কুমাৰ,,

Leave a Reply

Your email address will not be published. Required fields are marked *