নিৰ্বাচনী যুঁজক লৈ মানকাচৰত কংগ্ৰেছৰ ব্যাপক তৎপৰতা
বিজেপিৰ অপশাসনৰ বিৰুদ্ধে মানকাচৰত কংগ্ৰেছৰ হুংকাৰ
ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
মানকাচৰ:

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক তথা ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আজি দিনৰ ভাগত হাটশিঙিমাৰীত উপস্থিত হৈ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে।

সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নৰ প্ৰতিশ্ৰুতি। আজিৰ এই প্ৰচাৰ অভিযানত গৌৰৱ গগৈয়ে মানকাচৰবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়:
আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে সীমামূৰীয়া অঞ্চল সমূহৰ উন্নয়নক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হ’ব।

ৰাইজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কংগ্ৰেছ দলে সদায় আপোচবিহীন সংগ্ৰাম চলাই যাব।
বিশাল জনসমাবেশৰ দ্বাৰা উৎসাহিত কংগ্ৰেছ নেতৃত্বই আজি স্পষ্ট কৰি দিয়ে যে এইবাৰ নিৰ্বাচনত মানকাচৰত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটক ধৰাশায়ী কৰিবলৈ তেওঁলোক সাজু। আজিৰ এই কাৰ্যসূচীত জিলাখনৰ সহস্ৰাধিক দলীয় কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।