...

বোকাখাতত তুংগত বাকযুদ্ধ !

Spread the love

বোকাখাতত তুংগত বাকযুদ্ধ !

অখিল Vs অতুল

অখিল গগৈক ‘ভণ্ড’ আৰু ‘বামপন্থী’ আখ্যা অতুল বৰাৰ
​মহুৰামুখ:

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বোকাখাত বিধানসভা সমষ্টিত শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ। কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অতুল বৰাক লক্ষ্য কৰি কৰা ‘ভিলেইন’ মন্তব্যৰ আজি কঠোৰ প্ৰত্যুত্তৰ দিয়ে অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী অতুল বৰাই। আজি নুমলীগড়ত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈক তীব্ৰ সমালোচনা কৰি তেওঁক এজন ‘ভণ্ড’ আৰু ‘বামপন্থী’ ব্যক্তি বুলি অভিহিত কৰে। নুমলীগড়ত দলীয় কৰ্মীসকলৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰি অতুল বৰা অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয়, “অখিল গগৈনো কোন? তেওঁ এজন ভণ্ড ব্যক্তি। যোৱা বিধানসভাৰ মজিয়াখনক অপবিত্ৰ কৰিছিল। অখিল গগৈৰ কাৰণে বিৰোধী ঐক্যৰ মিত্ৰতা চূড়ান্ত অৱস্থা পাইছিল। তেওঁ আঁঠু কাঢ়ি কংগ্ৰেছৰ লগ হৈছেগৈ। ৮৬০ গৰাকী অসম আন্দোলনৰ অসমীয়াক হত্যা কৰা দলৰ লগত থাকি আঞ্চলিকতাবাদৰ কথা কোৱাৰ অধিকাৰ নাই।তেওঁৰ দৰে বামপন্থী লোকসকলৰ কোনো নীতি-আদৰ্শ নাই।”

ইপিনে অখিল গগৈক তীক্ষ্ণ সমালোচনা কৰি বৰাই লগতে কয় যে যিসকলে সমাজত কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰে, তেনে লোকক বোকাখাতৰ সচেতন ৰাইজে কেতিয়াও গ্ৰহণ নকৰে।

উল্লেখ্য যে, বোকাখাত সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ আহি অখিল গগৈয়ে অতুল বৰাক তীব্ৰ ব্যক্তিগত আক্ৰমণ কৰিছিল। গগৈয়ে বৰাক ‘ভিলেইন’ বুলি অভিহিত কৰি সমষ্টিটোত পৰিৱৰ্তনৰ জোৱাৰ উঠা বুলি দাবী কৰিছিল। আজি তাৰেই প্ৰত্যুত্তৰ দি অতুল বৰাই প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে বিৰোধীৰ এনে মন্তব্যই তেওঁৰ ভেটি লৰাব নোৱাৰে।

অতুল বৰাৰ এই আক্ৰমণাত্মক ভংগীয়ে নুমলীগড়ৰ অগপ তথা বিজেপি কৰ্মীসকলৰ মাজত নতুন উছাহৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বৰাই দাবী কৰা মতে, উন্নয়নৰ স্বাৰ্থত ৰাইজে পুনৰ তেওঁকেই জয়ী কৰাব আৰু বিৰোধীৰ এনে ‘ভণ্ডামি’ নিৰ্বাচনত ধৰাশায়ী হ’ব।

​ব্যক্তিগত পৰ্যায়লৈ যোৱা এই ৰাজনৈতিক সংঘাতক লৈ এতিয়া সমগ্ৰ বোকাখাত সমষ্টিতে তীব্ৰ চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *