...

ডিব্ৰুগড়ত মে-নাং-ৰাইৰ জিলা সমিতি গঠন

Spread the love

ডিব্ৰুগড়ত মে-নাং-ৰাইৰ জিলা সমিতি গঠন

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন দুৱৰা চুকৰ ৰূপনগৰ প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত ২৭ মাৰ্চত মে-নাং-ৰাই মৌং-ডুন-ছুন-খামৰ ডিব্ৰুগড়ত জিলা সমিতি গঠনৰ সৰ্ন্দভত এখনি সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মান নাং -হেমলতা বৰগোহাঁই সম্পাদিকা বিন্দ্যা কোঁৱৰ গগৈ উপ সভানেত্ৰী ড° হিৰণময়ী বৰগোহাঁই আৰু নিজু কোঁৱৰৰ উপস্থিতিত এখনি বলিষ্ঠ জিলা সমিতি গঠন কৰা হয়। জীৱনৰ নব্বৈটা বসন্ত অতিক্ৰম কৰা প্ৰতিষ্ঠাপক সভানেত্ৰী মান নাং-হেমলতা বুঢ়াগোহাঁইয়ে সভাৰ আৰম্ভণীতে ফুৰা-তেৰাৰ সোঁৱৰণত এগছি বন্তি প্ৰজ্বলন কৰি সভাখনি উব্ধোধন কৰে। কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী নিজু কোঁৱৰে ত্তাই প্ৰাৰ্থনা আই-চিং-লাও পৰিবেশন কৰে, উপসভানেত্ৰী ড° হিৰণময়ী বৰগোহাঁইৰ পৌৰহিতত অনুষ্ঠিত সভাত ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবৰুৱা প্ৰাক্তন অধ্যক্ষা মাইনু গগৈয়ে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে, উদ্দেশ্য ব্যাখ্যাৰ আঁত ধৰি বহু কেইজন সমাজৰ লগত জড়িত ব্যক্তিয়ে মে-নাং-ৰাই মৌং -ডুন-ছুন-খাম গঠনৰ ওপৰত সাৱলীল বক্তব্য দাঙি ধৰে। নৱ-গঠিত জিলা সমিতিত সভানেত্ৰী জ্বলি গগৈ আৰু সম্পাদিকা মৃদুলা বৰুৱা ফুকনক লৈ ৩১ জনীয়া এখনি সমিতি গঠন কৰা হয়। শেষত সভানেত্ৰীয়ে মে-নাং-ৰাই মৌং-ডুন-ছুন-খামৰ লক্ষ্য, উদ্দেশ্যৰ দিশ সামৰি এক তত্ত্বগধুৰ মন্তব্য দাঙি ধৰে। শলাগৰ শৰাই আগবঢ়ায় বিদ্যাৱতী গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *