...

ধুবুৰীত ৰাজপাট কাৰ ?

Spread the love

ধুবুৰীত ৰাজপাট কাৰ ?

 

বিজেপি,কংগ্ৰেছ, এআইইউডিএফ
চৰ্চাত ধুবুৰীৰ বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদ!
ধুবুৰীত দিনে-নিশাই বিজেপিৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

ধুবুৰী:

এইবেলি ধুবুৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন ক্ৰমশঃ আকৰ্ষণীয় দিশলৈ গতি কৰাৰ পূৰ্ণ সম্ভাবনা দেখা দিছে। দৰাচলতে পূৰ্বৰ গতানুগতিক মানসিকতাৰ পৰা আঁতৰি সমষ্টিটোত বিজেপিৰ দলীয় প্ৰাৰ্থী উত্তম প্ৰসাদে দিনা-নিশাই কৰি থকা প্ৰচেষ্টাই দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ উদ্বুদ্ধ কৰাৰ সমান্তৰালকৈ নিজক ভোটাৰ ৰাইজৰ মাজত প্ৰত্যয়িত ৰূপত স্থাপিত কৰিবলৈ সক্ষম হোৱাও পোৱা গৈছে। উল্লেখ্য যে, ধুবুৰী বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰেই সদায়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। ঠিক অনুৰূপে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২,৩১,৯৩৮ গৰাকী ভোটাৰৰ এই বিধানসভা সমষ্টিটোত এইবাৰো সংখ্যালঘু ভোটাৰেই নিৰ্ণায়ক ভূমিকা লোৱাটো নিশ্চিত। ইয়াতে উল্লেখনীয় যে, বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব পোৱাৰ বহু পূৰ্বৰে পৰা ধুবুৰী বিধানসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ প্ৰাধান্য থকা অঞ্চলবোৰত সৰু-বৰ জনসভা অনুষ্ঠিত কৰি আহিছিল প্ৰসাদে। পূৰ্বৰ সেই প্ৰচেষ্টাই বিজেপিৰ প্ৰাৰ্থীৰূপে বৰ্তমানে উত্তম প্ৰসাদক বৰ্তমানে এক সুবিধাজনক স্থিতি প্ৰদান কৰা বুলিয়েই কিন্তু মত স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকৰ। তাৰোপৰি, সংখ্যাগুৰু ভোটাৰৰ উপৰিও সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজতো গ্ৰহণযোগ্যতা থকাটো উত্তম প্ৰসাদৰ “এক্স ফেক্টৰ” বুলিও উঠি আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত, ২৬ৰ বিধানসভা নিৰ্বাচনত ধুবুৰীত নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হোৱা মুঠ ৫গৰাকী প্ৰতিদ্বন্দ্বীৰ মাজৰ কংগ্ৰেছ দলৰ বেবী বেগম আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা ধাৰাবাহিক ভাবে ২০১৬ চনৰ পৰা ধুবুৰীত বিজয়ী হৈ অহা নজৰুল হ’কৰ সমান্তৰালকৈ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদৰ নামো সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *