...

এইবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোঁটৰ চৰকাৰ হব:সৰ্বানন্দ সোণোৱাল

Spread the love

এইবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোঁটৰ চৰকাৰ হব:সৰ্বানন্দ সোণোৱাল

 

চাইন অন ডেস্ক:

“এইবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোঁটৰ চৰকাৰ হব।সমগ্ৰ অসমতেই নিৰ্বাচনী ঢৌ যি স্বৃষ্টি হৈছে,ইয়াক স্পষ্ট ৰূপত প্ৰমাণ কৰে যে এইবাৰৰ চৰকাৰ, বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰ।” —ডিব্ৰুগড়ত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দুলীয়াজানৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত সাংবাদিকৰ আগত এনেদৰেই মত প্ৰকাশ কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।তেওঁ পুনৰাই কয় যে উন্নয়নৰ বাবে,শান্তি-সমন্বয়ৰ বাবে আৰু প্ৰগতিৰ ধাৰা অটুট ৰখাৰ বাবেই বিজেপিৰ বিকল্প নাই। সেয়ে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো আৰু জাতি-ভাষা-বৰ্ণ নিৰ্বিশেষে আগন্তুক দিনত উঠি অহা প্ৰজন্মৰ উজ্জ্বল ভবিষ্যত গঢ় দিয়াৰ স্বাৰ্থত অসমক ভাৰতৰ ভিতৰত এক শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ স্বাৰ্থত বিজেপি আৰু ইয়াৰ মিত্ৰ জোঁটৰ ভোট দিব বুলি সোণোৱালে ব্যক্ত কৰে।তেওঁ পুনৰাই উল্লেখ কৰে যে প্ৰশান্ত ফুকনৰ মনোনয়ন দাখিল কৰাৰে পৰা আজিলৈ ৰাইজৰ যি স্বতঃস্ফুত সহযোগত বা সঁহাৰি সেয়া অকল্পনীয়।ৰাইজৰ কিমান উৎসাহ উদ্দীপনা, ৰাইজে কিমান আন্তৰিকতাৰে এই নিৰ্বাচন গ্ৰহণ কৰিছে।নিৰ্বাচনৰ দিন ঘোষণাৰ পৰাই ৰাইজৰ উৎসাহ দুগুণ বৃদ্ধি পোৱা দেখা গৈছে।ইয়াৰ পৰাই প্ৰমানিত হয় বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিস্বাস – সোণোৱালে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *