...

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি

Spread the love

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি

 

দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন,
ৰাম প্ৰসাদ আম্বেদকাৰলৈ “সংবাদ প্ৰহৰী বঁটা–২০২৬”

চাইন অন ডেস্ক:

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান আৰু দ্বিবাৰ্ষিক অধিবেশন আজি লিডু মহাবিদ্যালয় প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰে পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতমে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে। পুৱা এঘাৰ বজাৰ পৰা অনুষ্ঠিত কবি–সাহিত্যিক–সাংবাদিক–শিল্পী সন্মিলনে অনুষ্ঠানটোক এক বিশেষ মৰ্যাদা প্ৰদান কৰে। অনুষ্ঠানত লিডু শাখা সাহিত্য সভাৰ সভাপতি ড° ৰঞ্জিত দত্ত, বিশিষ্ট সাহিত্যিক জগত চাংমাই, সুনীল গুৰুঙ, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্যধৰ সোণোৱাল, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাতুল কলিতা আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত ববীতা দাস চৌধুৰী, দীপান্বিতা বিশ্বাস, উজ্জ্বল চৌধুৰী, ড° ৰঞ্জিত দত্ত, উৎপল চক্ৰৱৰ্তী, প্ৰাঞ্জল প্ৰতীম কলিতা, গীতা দেৱী নেওগ, ৰুক্মিণী হালৈ, বিনু কাকতি শৰ্মা, অমিত দাস, জ্যোতিস্মিতা গোহাঁই আদিকে ধৰি বহু কবি, সাহিত্যিক, সাংবাদিক আৰু শিল্পীয়ে গীত, কবিতা আদি পৰিবেশন কৰি অনুষ্ঠানটোক জীপাল কৰি তোলে। এই অনুষ্ঠানতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰাক্তন সদস্য সুনীল গুৰুঙ, অমিত দাস আৰু পবিত্ৰ বৰগোহাঞিক স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ, সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা সৎ আৰু নিৰ্ভীক সাংবাদিক ৰাম প্ৰসাদ আম্বেদকাৰক “সংবাদ প্ৰহৰী বঁটা–২০২৬”ৰে সন্মানিত কৰা হয়। বিয়লি শিশু সকলৰ দ্বাৰা পৰিবেশিত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেও অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে। ইফালে, সন্ধিয়া অনুষ্ঠিত সংস্থাৰ সাধাৰণ সভাত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাতুল কলিতা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। সভাৰ আৰম্ভণিতে সম্পাদক ৰাণাজ্যোতি নেওগে সংস্থাৰ পঁচিশ বছৰীয়া বৰ্ণিল যাত্ৰাৰ ওপৰত আলোকপাত কৰে আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। তাৰ পাছতে প্ৰতিনিধি সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে নতুন কাৰ্যনিৰ্বাহী সমিতি গঠন কৰা হয়। নতুন সমিতিত সভাপতি হিচাপে ৰাণাজ্যোতি নেওগ, উপ-সভাপতি হিচাপে সমীৰণ বৰঠাকুৰ আৰু বিকাশ বৰুৱা, সাধাৰণ সম্পাদক হিচাপে তপন দে, সহকাৰী সম্পাদক হিচাপে আব্দুল আলিম আৰু শ্যামল নেওগ, মুখপত্ৰ সম্পাদক হিচাপে খিলানাথ অধিকাৰী আৰু সাংগঠনিক সম্পাদক হিচাপে তপন গগৈক নিৰ্বাচিত কৰা হয়। এইদৰে ২৬ জনীয়া নতুন কাৰ্যনিৰ্বাহী সমিতি গঠন কৰি সভাখন সফলতাৰে সমাপ্ত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *