...

পৰীক্ষা গৃহৰ দুৰ্নীতি!

Spread the love

পৰীক্ষা গৃহৰ দুৰ্নীতি!

চিলাপথাৰ কাণ্ডত কথমপি প্ৰাণ ৰক্ষা মনমোহন গগৈৰ

ন্যায় নেপালে আজিও–ক্ষুব্ধ কলেজ শিক্ষক সংস্থা

চাইন অন ডেস্ক:

ৰাজ্যখনৰ বৌদ্ধিক জগত আৰু সচেতন সমাজক সচকিত কৰি তোলা চিলাপথাৰৰ অকাজান ছোৱালী উ: মা: বিদ্যালয়ত পৰীক্ষাৰ বহি:নিৰীক্ষক তথা ধেমাজি চিটি কলেজৰ সহকাৰী অধ্যাপক মনমোহন গগৈৰ ওপৰত এটা উৰাবাতৰিৰ আলম লৈ এচাম দুস্কৃতিকাৰীয়ে চলোৱা পাশবিক আক্ৰমণৰ উচিত তদন্ত কৰি দুষ্কাৰ্যৰ লগত জড়িত আটাইবোৰ দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰাত প্ৰশাসন তথা চৰকাৰ আজিকোপতি সফল নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে অসম কলেজ শিক্ষক সংস্থাই।শিক্ষক মনমোহন গগৈক লগত লৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবত কালি এখন সংবাদ মেল সম্বোধন কৰি সংস্থা্ৰ কেন্দ্ৰীয় নেতৃত্বই চৰকাৰী কৰ্ত্তব্য পালন কৰি থকা সময়ত পাশবিক আক্ৰমণৰ বলি হোৱা শিক্ষক সকলক নিৰাপত্তা প্ৰদানত লাজ লগাকৈ ব্যৰ্থ হোৱা আৰক্ষী আৰু প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰে।ভিডিঅ’ ফুটেজবোৰত বহুতো আক্ৰমণকাৰীৰ চেহেৰা স্পষ্ট হৈ থকাৰ পাছতো আৰক্ষীয়ে কৰায়ত্ত নকৰাটো আশ্চৰ্যজনক বুলি সংস্থাৰ নেতৃত্বই গৰিহণা দিয়ে। তেওঁলোকে কয় যে দোষীহঁতে এতিয়াও মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে। এনে ধৰণৰ উশৃংখল ঘটনাক এদিনীয়া এটা বিক্ষিপ্ত কাণ্ড বুলি নিশ্চয়কৈ ধৰি লোৱাটো উচিত নহয়। অন্যথা শিক্ষক সকলে ভবিষ্যতে কেতিয়াও জীৱনৰ আশংকাত নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ আগুৱাই নাহিব আৰু পৰাপক্ষত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। তদুপৰি, সৎ আৰু মেধাবী ছাত্ৰ-ছাত্ৰী ক আশাহত কৰি অসৎ শ্ৰেণীৰ লোক উৎসাহিত হ’ব। অসমৰ শিক্ষা খণ্ডৰ ভবিষ্যতলৈ অশনি সংকেট কঢ়িয়াই অনা এনে ধৰণৰ অসৎ কৰ্ম তথা ঘৃণনীয় ঘটনাৰ বিৰুদ্ধে সকলো দল-সংগঠনেই সজাগ হৈ মাত মতাৰ প্ৰয়োজন বুলি সংস্থাই মত পোষণ কৰে। সংবাদ মেল খন সম্বোধন কৰি দুস্কৃতিকাৰীৰ আক্ৰোশ আৰু আক্ৰমণত আহত হোৱা মনমোহন গগৈয়ে তেওঁৰ ওপৰত চলা দুই আঢ়ৈ ঘণ্টা সময়ৰ অমানুষিক অত্যাচাৰৰ লোমহৰ্ষক বৰ্ণনা অত্যন্ত ক্ষোভ আৰু হতাশা্ৰে কৈ সকলোকে শিহৰিত কৰি তোলে। যি সময়ত প্ৰাথমিক শিক্ষকৰ পৰা কলেজ শিক্ষকলৈকে অসমৰ প্ৰায় প্ৰতিজন শিক্ষকেই বিদ্যালয় – মহাবিদ্যালয়ত কৰিবলগীয়া নিত্য নৈমিত্তিক শৈক্ষিক দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ উপৰি অন্যান্য চৰকাৰী দায়িত্বও অতিৰিক্ত ভাবে পালন কৰি আহিছে তেনেক্ষেত্ৰত শিক্ষক সকলৰ নিৰাপত্তাৰ প্ৰতি প্ৰশাসন তথা চৰকাৰে সঠিক গুৰুত্ব নিদিয়াটো অতি দুৰ্ভাগ্যজনক বুলি গগৈয়ে কয়।।আগত দিনত অৰ্থাৎ অহা এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব লগীয়া উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী সমুহত পাঠদান কৰাৰ পৰাৰ পৰা কলেজ শিক্ষক সকল বিৰত থকাৰ উপৰি আন চৰকাৰী দায়িত্ব পালন কৰাৰ পৰাও আতৰি থাকিবলৈ বাধ্য হ”ব বুলিও সংবাদ মেল খনত স্পষ্ট কৰি দিয়া হয়। সংস্থাই স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ সমূহ আগতীয়া কৈ চিনাক্ত কৰি পৰ্যাপ্ত আৰক্ষীৰ লোক মোতায়েন কৰা আৰু প্ৰয়োজন সাপেক্ষে এনেধৰণৰ দুষ্কৰ্ম চলি থকা পৰীক্ষা কেন্দ্ৰ সমূহৰ স্বীকৃতি সাময়িক ভাবে হ’লেও বাতিল কৰাৰ বাবে পূৰ্বে কৰা দাবী পুনৰ উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *