পবিত্ৰ ঈদৰ দিনাই ডিব্ৰুগড়ত নিষিদ্ধ গো মাংসক কেন্দ্ৰ কৰি শনিবাৰৰ দিনা এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ডিব্ৰুগড় মহানগৰৰ পশ্চিম বাসবাৰী অঞ্চলত দুৰ্বৃত্তই নিষিদ্ধ গো মাংস পেলাই থৈ যোৱাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে। জানিব পৰামতে, বিয়লি প্ৰায় ২ বজাত কোনো দুৰ্বৃত্তই এজন লোকৰ বাসগৃহৰ দুৱাৰ মুখত পেলাই থৈ গৈছিল তিনি টুকুৰা নিষিদ্ধ গো মাংস। স্থানীয় প্ৰতিৱেশীয়ে গো মাংসৰ টুকুৰাকেইটা প্ৰত্যক্ষ কৰাৰ পাছতে গৃহস্থক অৱগত কৰে। ইয়াৰ পাছতে স্থানীয় লোকৰ মাজত গো মাংসৰ টুকুৰা কেইটাক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লয়। আনহাতে পেলাই থৈ যোৱা গো মাংসখিনি উদ্ধাৰ কৰাৰ লগতে মাংসখিনি কোনে, কেনেকৈ পেলাই থৈ গৈছিল সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। স্থানীয় লোকে জানিব পৰামতে, ইয়াৰ পূৰ্বে পশ্চিম বাসবাৰী অঞ্চলত গো মাংসৰ টুকুৰা পেলাই থৈ গৈছিল। মন্দিৰৰ সমীপৰ এলেকাত গো মাংসখিনি কোনে পেলাই থৈ গৈছিল সেই সন্দৰ্ভত ৰহস্য হৈ থাকিল। শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে সংঘটিত হোৱা ঘটনাৰ পাছতে হিন্দু-মুছলিমৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিবলৈ তৃতীয় পক্ষ অসৰহভাৱে চেষ্টা চলাই থকাৰ সন্দেহ কৰা হৈছে। যাৰ ফলত পবিত্ৰ ঈদৰ দিনাই হিন্দু অধ্যুষিত অঞ্চলত এনেদৰে পেলাই থৈ গৈছিল নিষিদ্ধ গো মাংসৰ টুকুৰা। ইফালে ঘটনা সন্দৰ্ভত হিন্দু সংগঠনসমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.