...

ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সভাত গৌৰৱ গগৈ

Spread the love

ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সভাত গৌৰৱ গগৈ

 

উজনি-উত্তৰ অসমত এখনো আসন নাপাই বিজেপিয়ে:গৌৰৱ গগৈ

চাইন অন ডেস্ক:

উজনি অসম আৰু উত্তৰ অসমত বিজেপিয়ে এখনো আসন লাভ নকৰে। বিজেপিৰ দম্ভ, অহংকাৰ চূৰ্ণ-বিচূৰ্ণ হ’ব ২৬ৰ বিধানসভা নিৰ্বাচনত। আজি ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সভাত উপস্থিত থাকি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ডিব্ৰুগড় জিলাৰ ছয় বিধানসভা সমষ্টিৰ কংগ্ৰেছ আৰু অজাপ প্ৰাৰ্থীৰ মনোনয়ন দাখিল কাৰ্যসূচীত সংগ প্ৰদান কৰি চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে খোৱাঙৰ অজাপৰ প্ৰাৰ্থী তথা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰশংসা কৰি কয় যে, লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত আনন্দিত। লুৰীণজ্যোতি গগৈ অসমৰ এজন বলিষ্ঠ কন্ঠ। জাতীয়তাবাদী চেতনাৰ এজন শক্তিশালী যোদ্ধা। অসমৰ স্বাৰ্থত বিভিন্ন সময়ত বলিষ্ঠভাৱে মাত মাতি আহিছে। আজিৰ সময়ত বহুতৰ ৰাজনৈতিক চিন্তাধাৰাক লৈ ৰাইজৰ মাজত চৰ্চা চলিছে, তেনে সময়ত হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ নকৰা, ভয় নকৰা লুৰীণজ্যোতি গগৈৰ দৰে বলিষ্ঠ জাতীয়তাবাদী চিন্তাধাৰাৰ বলিষ্ঠ শক্তি অসমৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিছে। ফেচিবাদী, অহংকাৰীৰ ৰজাৰ সন্মুখত হাৰ নমনা জাতীয়তাবাদী শক্তি আজিৰ সময়ত প্ৰয়োজন। অসমৰ বৃহত্তৰ স্বাৰ্থত লুৰীণজ্যোতি গগৈক অসম বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। আমি সকলোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত নামিব লাগিব। উজনি অসম আৰু উত্তৰ অসমত বিজেপিয়ে এখনো আসন পাব নালাগিব। ৰাজনৈতিক ধুমুহাৰ আৰম্ভণি উজনি অসমৰ পৰাই আৰম্ভ কৰিব লাগিব। আমি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সকলোৱে একগোট হোৱা নাই। এখন নতুন বৰ অসম গঢ়িবলৈ আমি সকলোৱে ঐক্যবদ্ধ হৈছো। ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে, নতুন বৰ অসম জন্ম সেইদিনাই হ’ব, যিদিনা হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাম। আমি এই নতুন বৰ অসমত কেৱল এজন মানুহৰ উন্নয়ন নিবিচাৰো, একে পৰিয়ালৰ ১২ হাজাৰ বিঘা মাটি নামজাৰি হোৱাটো নিবিচাৰো। নতুন বৰ অসমত এজনৰ ৰাজত্ব নহয়, আমাৰ সকলোৰে ৰাজত্ব চলিব। শান্তিপ্ৰিয় গণতান্ত্ৰিক বৰ অসম বিচাৰো। এই নতুন বৰ অসমত গুৱাহাটীত বহি থকা তিনি-চাৰিজন ঠিকাদাৰৰ নহয়, জলজীৱন আঁচনিৰ ক্ষুদ্ৰ ঠিকাদাৰসকলৰ বিল আদায় কৰি নতুন বৰ অসম গঢ়াৰ পৰিকল্পনা কৰিছো। গুজৰাটৰ পৰা অহা ঔদ্যোগক সহায় কৰা নহয়, প্ৰতিখন জিলাত থলুৱা ঔদ্যোগক গুৰুত্ব দিয়াৰ দৰে বৰ অসম গঢ়িব বিচাৰো। আনহাতে মহিলাসকলে কোনো ৰাজনৈতিক দলৰ সভালৈ নোযোৱাকৈ ঘৰত বহিয়েই চৰকাৰী আঁচনিৰ ধন লাভ কৰিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে লগতে কয়, এই বৰ অসমত কোনো দলৰ সভাত অংশগ্ৰহণ নকৰাকৈ, দলীয় প্ৰমাণ পত্ৰ নিদিয়াকৈ সম মৰ্যাদাৰে চৰকাৰী আঁচনি দিয়াই হৈছে লক্ষ্য। মহিলাসকলে ঘৰৰ ভিতৰত থাকিয়েই বেংক একাউন্টত চৰকাৰী ধন লাভ কৰিব। তাৰ বাবে যাব নালাগে কোনো দলৰ সভা-সমিতিলৈ। আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ মাটি-সম্পত্তি তদন্ত কৰিবলৈ এছ আই টি গঠন কৰিম। এশ দিনৰ ভিতৰত আমি জুবিন দাক ন্যায় প্ৰদান কৰিম। জুবিন ক্ষেত্ৰ উন্নয়নৰ দায়িত্ব আমাৰ চৰকাৰে ল’ব। কিছু সুবিধাবাদী মানুহৰ ভিতৰতে সৰ্বসাধাৰণ মানুহক ভূমিৰ পট্টা প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ’ব। এতিয়া সময় পৰিৱৰ্তনৰ সময় আহিল। উল্লেখ্য যে, মনোনয়ন দাখিলৰ প্ৰথমদিনা বিৰোধী মিত্ৰদলৰ নাহৰকটীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকন, খোৱাঙত অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, ডিব্ৰুগড়ত অজাপৰ প্ৰাৰ্থী মৈনাক পাত্ৰ, চাবুৱা-লাহোৱালত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ, দুলীয়াজানত কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ আৰু টিংখাঙত কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *