...

ডিব্রু মহাবিদ্যালয়ত সাহিত্য অকাডেমীৰ বক্তৃতানুষ্ঠান সম্পন্ন

Spread the love

ডিব্রু মহাবিদ্যালয়ত সাহিত্য অকাডেমীৰ বক্তৃতানুষ্ঠান সম্পন্ন

“এটা জাতি যিমানেই ডাঙৰ, শক্তিশালী নহওঁক কিয়,ভাষাৰ অবিহনেই কোনো জাতি জীয়াই থাকিব নোৱাৰে।”
সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক দিগন্ত বিশ্ব শর্মা

 

চাইন অন ডেস্ক:

“বৰ্তমান সময়ত অসমীয়া ভাষাৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে। যি কেৱল আমাৰ বাবেই নহয়,সমগ্ৰ জাতীয় জীৱনৰ বাবেও এক প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছে।এটা জাতি যিমানেই ডাঙৰ বা শক্তিশালী নহওঁক কিয়

ভাষাৰ অবিহনেই কোনো জাতি জীয়াই থাকিব নোৱাৰে।” –এই মন্তব্য বিশিষ্ট চিন্তাবিদ তথা সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক দিগন্ত বিশ্ব শর্মাৰ।
শুক্ৰবাৰে ডিব্ৰুগড়ত ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাহিত্য অকাডেমীৰ উদ্যোগত আৰু ডিব্ৰু-মহাবিদ্যালয়ৰ সহযোগত অসমীয়া ভাষা আৰু লিপি শীর্ষক এখনি বক্তৃতানুষ্ঠানত উপস্থিত থাকি পুনৰ কয় যে অসমীয়া ভাষাৰ প্ৰতি ভাবুকি আনিছে মূলতঃ তিনিটা কাৰকে :
প্ৰথম নব্য অভিজাততন্ত্ৰ। সাম্প্ৰতিক সময়ত আমাৰ সমাজখনত এনে কিছুমান মানসিকতাই গ্ৰাহ কৰিছে যে ইংৰাজী ভাষা নাজানিলে নিজকেই তুচ্ছ জ্ঞান অনুভৱ কৰে।অভিজাততন্ত্ৰই হৈছে ইয়াৰ মূল কাৰণ বা কাৰক। দ্বিতীয়তে অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তিৰ বিষয়ে আমাৰ অপ্ৰতুল জ্ঞান।নিজ মাতৃভাষা শুদ্ধ ৰূপত উপস্থাপন কৰিব নোৱাৰাৰ পাছত ইংৰাজীৰ ওপৰত আমাৰ প্ৰয়োজনাধিক নিৰ্ভৰশীলতাৰ বাবেই আজি অসমীয়া ভাষা বিপদাপন্ন বুলিও দিগন্ত বিশ্ব শর্মাই উল্লেখ কৰে।সেয়ে সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক দিগন্ত বিশ্ব শর্মাই ভাষা জীয়াই থাকিবলৈ কেইবাটাও পৰামৰ্শ আগবঢ়াই।তেওঁ কয় যে পোন প্ৰথমেই ভাষাক ভগৱৎ অভিব্যক্তিৰূপে গণ্য কৰিব লাগিব।দ্বিতীয়তে ভাষা উচ্চতৰ জীৱন আৰু চিন্তাৰ প্ৰকাশ হ’ব লাগিব।তৃতীয়তে ভাষাক জননীৰূপে পূজা কৰিব লাগিব।চতুৰ্থতে ভাষাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি থাকিব লাগিব আৰু পঞ্চমতে নিজ ভাষাটোত আমি পঢ়িব লাগিব।তেতিয়াহে ভাষা জীয়াই থাকিব। আজি এই অনুষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে সাহিত্য অকাডেমীৰ কলকাতাস্থিত কাৰ্যালয়ৰ আঞ্চলিক সচিব দেবেন্দ্র কুমাৰ দেৱেশে। পৰিচয়জ্ঞাপক ভাষণ প্রদান কৰে বিশিষ্ট চিন্তাবিদ তথা সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক দিগন্ত বিশ্ব শর্মাই। মুখ্য অতিথি হিচাপে অতিথি হিচাপে অংশ গ্ৰহণ কৰে বিশিষ্ট ভাষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া

বিভাগৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ড’ ভীমকান্ত বৰুৱাই। শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চাংমায়ে আৰু শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ উপাধক্ষ ড: অদিতি বৰুৱাই। প্রথম আলোচনা সত্র পৰিচালনা কৰে বিশিষ্ট লেখিকা, গৱেষক ডঃ জ্যোতিৰেখা হাজৰিকাই। প্রথম সত্রত গৱেষণা পত্র পাঠ কৰে সাপেখাতী মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ বিজু মৰাণ, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডা: মায়াশ্রী গোস্বামী আৰু দেবী চৰণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অবসৰপ্রাপ্ত অধ্যাপিকা নিবেদিতা চাংকাকতিয়ে। দ্বিতীয় সত্র পৰিচালনা কৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডা: অৰ্পণা কোঁৱৰে। এই আলোচনা সত্রত গবেষণা পত্র পাঠ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডা: জিতু বড়া, আউনিআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড’ মাধুর্য মন্ডিত বৰুৱা আৰু দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মুনমী কোঁৱৰে। আটাইকেইগৰাকী গবেষকে অসমীয়া ভাষা আৰু লিপি সম্পর্কে সাৱলীল বিশ্লেষণ আগবঢ়াই। অনুষ্ঠানটোৰ আঁত ধৰে ডিব্ৰু মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ হিমাদ্রী শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *