আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ
পঞ্চম বাৰৰ বাবে টিকট লাভ কৰি জনসেৱাৰ বাবে ওলাই আহিবলৈ সক্ষম হলো:প্ৰশান্ত ফুকন
চাইন অন ডেস্ক:
“মই ৰাজনীতিত থাকো বা নাথাকো। মই, যিমান দিন জীয়াই থাকিম; সিমান দিনেই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ সজীৱ হৈ থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ”—এই মন্তব্য পঞ্চম বাৰলৈ টিকট লাভ কৰা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ। আনুষ্ঠানিক ভাবে টিকট ঘোষণা কৰাৰ পাছত ডিব্ৰুগড়ৰ বিজেপিৰ মাণ্ডলিক কাযাৰ্লয়ত এক উৎসৱ মুখৰ পৰিৱেশৰ স্বৃষ্টি হয়।বিহু, হৰ্ষধ্বনী আৰু বিজয়ৰ উল্লাসত আকাশ-বতাহ কঁপাই তুলে।সাংবাদিকৰ সতে হোৱা এক বাৰ্তালাপত প্ৰাৰ্থী প্ৰশান্ত ফুকনে কয় যে পোন প্ৰথমে ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা, প্ৰধানমন্ত্ৰী মোদী, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে বিচক্ষণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ মহানুভৱতাৰ বাবেই পুনৰাই ডিব্ৰুগড়ৰ ৰাইজক সেৱা কৰাৰ সুবিধা লাভ কৰিলো। প্ৰয়াত ৰমেশ চন্দ্ৰ বৰুৱা আৰু কেশৱ চন্দ্ৰ গগৈয়ে চাৰিবাৰকৈ ডিব্ৰুগড়ক প্ৰতিনিধিত্ব বা বিধায়ক আছিল। কিন্তু আজি মই পঞ্চম বাৰৰ বাবে টিকট লাভ কৰি জনসেৱাৰ বাবে ওলাই আহিবলৈ সক্ষম হলো।এয়া সমষ্টি বাসীৰ আশীৰ্বাদৰ বাবেই এনে সম্ভৱ হৈছে–প্ৰশান্ত ফুকনে অকপটে স্বীকাৰ কৰে।তেওঁ পুনৰাই কয় যে কোনো প্ৰতিদ্বন্দ্বীকেই দুৰ্বল বুলিও নাভাবে।সকলোৱেই নিজ নিজ উদ্দেশ্যৰেই ভোটাৰৰ কাষলৈ যাব,যেনেকৈ মইও ৰাইজৰ কাষলৈ যাম।এইবাৰ সমষ্টিৰ যিবোৰ কাম আধৰুৱা হৈ থাকিল, তাক সম্পূৰ্ণ কৰিবলৈ আৰু ডিব্ৰুগড়ক ৰাজ্যৰ ভিতৰত জাকত জিলিকা কৰি তুলিবলৈ সকলো প্ৰচেষ্টা চলোৱাৰ কথাও উল্লেখ কৰে।এইবাৰ নিৰ্বাচনত ৬০ হাজাৰ অধিক ভোটত জয়লাভ কৰিবলৈও সক্ষম হ’ব বুলি প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত হাঁহিমুখে উল্লেখ কৰে।