গৌৰৱ গগৈৰ মাৰ্ঘেৰিটা ভ্ৰমণৰ দিনাই কংগ্ৰেছত মোক্ষম আঘাত!
দল ত্যাগ কৰিলে দুই শতাধিক নেতা-কৰ্মীয়ে
চাইন অন ডেস্ক:
কংগ্ৰেছ এৰি বিজেপিৰ কোলাত দুই শতাধিক নেতা-কৰ্মী। বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত মাৰ্ঘেৰিটাত গেৰুৱা ধল। নিৰ্বাচনৰ পূৰ্বে খহনীয়া ! মাৰ্ঘেৰিটাত শূন্য হৈ পৰিব নেকি কংগ্ৰেছ? কংগ্ৰেছ নেতৃত্ব যেন এতিয়া সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে নিজৰ দলীয় নেতা-কৰ্মীক ধৰি ৰখাত। যি সময়ত ৰাজ্যিক নেতৃত্বই দলটোক শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে, ঠিক সেই সময়তে মাৰ্ঘেৰিটাত কংগ্ৰেছত পুনৰ আজি লাগিল বৃহৎ মোক্ষম আঘাত। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিশেষ কাৰ্যসূচীত অংশ ল’বলৈ কালি মাৰ্ঘেৰিটাত উপস্থিত হয় সভাপতি গৌৰৱ গগৈ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে গৌৰৱ গগৈৰ উপস্থিতিৰ দিনাই কংগ্ৰেছৰ সভা অনুষ্ঠিত হৈ যোৱা প্ৰায় ২ ঘন্টাৰ পাছতেই দল ত্যাগ কৰিলে দুই শতাধিক নেতা-কৰ্মীয়ে। প্ৰাক্তন জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা তথা মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ লগতে আজাদ বৰা আৰু সুৰজ খাটুৱালৰ নেতৃত্বত প্ৰায় ২০০ নেতা-কৰ্মীয়ে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰে।নিশা মাৰ্ঘেৰিটাৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক উষ্ম পৰিৱেশত এইসকল নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বহু কেইগৰাকী সক্ৰিয় সদস্যই গেৰুৱা বস্ত্ৰ পৰিধান কৰে।বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্ট হৈয়ে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইফালে, গৌৰৱ গগৈৰ উপস্থিতিতে এনেদৰে দুই শতাধিক কৰ্মীয়ে দল ত্যাগ কৰা বিষয়টোৱে এতিয়া উজনিত বিশেষ চৰ্চা লাভ কৰিছে। আজি বিজেপি দলত কংগ্ৰেছৰ পৰা যোগদান কৰা সকলৰ অন্যতম ক্ৰমে জয়ন্তী শৰ্মা, সম্পাদিকা, তিনিচুকীয়া জিলা কংগ্ৰেছ, প্ৰাক্তন সাধাৰণ সম্পাদিকা, অসম প্ৰদেশ OBC কোষ, প্ৰাক্তন সভানেত্ৰী, মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছ । আজাদ বড়া, সাধাৰণ সম্পাদক, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ । সূৰুজ খাটোৱাল, কংগ্ৰেছ ৱাৰ্ড সদস্য প্ৰাৰ্থী ।কমল চেতিয়া, প্ৰাক্তন মণ্ডল কংগ্ৰেছৰ সভাপতি । জগু মুড়া, বুথ সভাপতি, অসম জাতীয় পৰিষদ , ঝৰ্ণা সন্দিকৈ, ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী , লগতে প্ৰায় ২ শতাধিক কংগ্ৰেছ আৰু এজেপি দলৰ সক্ৰিয় নেতা কৰ্মী ।