...

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

Spread the love

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

 

চাইন অন ডেস্ক:

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস।মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু লগতে সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে ২১ ফ্ৰেব্ৰুৱাৰীত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা সম জিলাৰ উচ্চশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসটি পালন কৰা হয়।মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীন মাণ নিৰূপণ কোষৰ সহযোগত মহাবিদ্যালয়ৰ পেক্ষাগৃহত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি ‘শিক্ষাত মাতৃভাষাৰ ভূমিকা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা’ শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।অসমীয়া বিভাগৰ অধ্যাপিকা স্বপ্না গগৈয়ে আঁতধৰা অনুস্থানটি কবিতা আবৃত্তিৰে শুভাৰম্ভ কৰে আকাংক্ষা বৰুৱাই।বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰি ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আৰ্চায্য বৰ্ণালী দেৱীয়ে কয় যে – মাতৃভাষাই এজন মানুহৰ চিন্তা-চেতনা,পৰিচয় আৰু সংস্কৃতি গঢ়ি তোলে।তেওঁ অসমীয়া ভাষাৰ লগতে অসমৰ বিভিন্ন জাতি-জনজাতিৰ মাতৃভাষাকো সন্মান প্ৰদান কৰা উচিত বুলি বক্তব্যত উল্লেখ কৰে।অনুস্থানত
মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *