চাহ উদ্যোগপতি মৃগেন্দ্ৰ জালানৰ উদাৰ পদক্ষেপ
১৬ গৰাকী গৃহহীন শ্ৰমিকক মাটিৰ আপত্তিবিহীন পত্ৰ
চাইন অন ডেস্ক:
অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত দক্ষিণ জালান নগৰ চাহ বাগিচাৰ ১৬ গৰাকী গৃহহীন শ্ৰমিক পৰিয়াললৈ বৃহৎ সকাহ আহিছে। বাগিচাৰ স্বত্বাধিকাৰী তথা চাহ উদ্যোগপতি মৃগেন্দ্ৰ জালানে প্ৰতিটো শ্ৰমিক পৰিয়ালক একে একে এক কঠা মাটিৰ আপত্তিবিহীন পত্ৰ (এনঅ’চি) প্ৰদান কৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে দক্ষিণ জালান নগৰ চাহ বাগিচাৰ চৌহদত এখন সভা অনুষ্ঠিত হয়। সভাত বাগিচাৰ স্বত্বাধিকাৰী মৃগেন্দ্ৰ জালান আৰু তেওঁৰ পুত্ৰ মৃত্যুঞ্জয় জালানে উদাৰ মনোভাৱেৰে ১৬ গৰাকী শ্ৰমিকক একে একে এক কঠা মাটিৰ আপত্তিবিহীন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
সভাত বাগিচাৰ পৰিচালক জ্যোতিপ্ৰসাদ খাউণ্ড আৰু তৰুণ এক্কা, অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন চন্দ্ৰ কেওট, অতিৰিক্ত সম্পাদক অমিত চাৱাছী, সহ-সম্পাদক জিতেন কৰ্মকাৰ, কাৰ্যালয় সম্পাদক মিন্টু মাদ্ৰাজী, বাগিচা গোটৰ বিষয়ববীয়া লগতে বহু সংখ্যক শ্ৰমিক উপস্থিত আছিল।
সভাত ভাষণ প্ৰদান কৰি সংঘৰ সম্পাদকে চাহ শ্ৰমিক ৰাইজৰ হৈ জালান পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু বাগিচা লাইনৰ বাহিৰত, ডিব্ৰুগড় চহৰৰ নিকটবৰ্তী অঞ্চলত এনেদৰে মাটি প্ৰদান কৰাটো এক ঐতিহাসিক আৰু অভিনৱ পদক্ষেপ বুলি মন্তব্য কৰে। তেওঁ কয় যে এই উদ্যোগে শ্ৰমিক পৰিয়ালসমূহৰ জীৱনত স্থায়িত্ব আৰু নিৰাপত্তা কঢ়িয়াই আনিব।
ইফালে, বাগিচাৰ স্বত্বাধিকাৰী মৃগেন্দ্ৰ জালানে এই পদক্ষেপৰ বাবে অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাক ধন্যবাদ জ্ঞাপন কৰি শ্ৰমিকসকলক প্ৰদান কৰা মাটি বিক্ৰী নকৰিবলৈ আৰু জীৱনজোৰা সংৰক্ষণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই পদক্ষেপ শ্ৰমিকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
উল্লেখযোগ্য যে শেহতীয়াকৈ চাবুৱা অৱস্থিত দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ সংকল্প সভাত দলৰ কাৰ্যনিৰ্বাহী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰেই ভূমি পট্টা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিনজয় চাহ বাগিচাৰ স্বত্বাধিকাৰী মৃগেন্দ্ৰ জালানে আগবাঢ়ি আহি বাগিচাৰ শ্ৰমিক লাইনৰ মাটি চৰকাৰক হস্তান্তৰ কৰাৰ ফলত তাত কৰ্মৰত শ্ৰমিকসকলে সৰ্বপ্ৰথমে ভূমি পট্টা লাভ কৰাৰ পথ সুগম হৈছে। যদি এই মাটি চৰকাৰক হস্তান্তৰ কৰা নহ’লেহেঁতেন, তেন্তে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াত দীঘলীয়া সময় লাগিলেহেঁতেন।
ইয়াৰ উপৰিও মৃগেন্দ্ৰ জালানে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মিলন নগৰৰ মাজত মাটি প্ৰদান কৰাৰ ফলত দূৰত্ব হ্ৰাস পাইছে, যাৰ ফলত শিক্ষাৰ্থীসকলসহ সাধাৰণ ৰাইজে যথেষ্ট সুবিধা লাভ কৰিছে।
