বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ বৰ্ণিল কাৰ্যসূচীৰ অন্তিম সন্ধিয়া
১৭ সংখ্যক বৰহোলা গ্ৰন্থমেলাৰ ছদিনীয়া কাৰ্যসূচীৰ সামৰণি
তিতাবৰ:
তিতাবৰৰ বৰহোলাত ছদিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সপ্তদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলাৰ ২৬ জানুৱাৰীৰ সন্ধিয়া সফলতাৰ সামৰণি পৰে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত, বৰহোলা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত আটাইকেইটা দিনতে অঞ্চলটোৰ ভালেসংখ্যক গ্ৰন্থপ্ৰেমী লোক উপস্থিত হোৱা পৰিলক্ষিত হয়। কালি সন্ধিয়া বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ মইনা সকলৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ বাকৰি জীপাল হৈ পৰে। সন্ধিয়া যুৱনেতা ধীৰাজ গোৱালা উপস্থিত হৈ সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ মইনা সকলে প্ৰথমতে এটা সমবেত সংগীতেৰে আৰম্ভ কৰি একক নৃত্য, দলীয় নৃত্য, বক্তৃতা, গীত-মাত আৰু বিভিন্ন ক’লা-কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি দিগন্ত বৰা, সম্পাদক
তথা সমাজকৰ্মী দীপক ৰাজখোৱাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। অলপতে মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা অতি প্ৰতিভাশালী মইনাসকলৰ আকৰ্ষণীয় গীত-নৃত্য বৰহোলা গ্ৰন্থমেলাৰ মঞ্চত উপভোগ কৰি অগনণ লোক আপ্লুত হয়। বহুজনে মইনা সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি আগন্তুক দিনত অঞ্চলটোলৈ আৰু অধিক সুনাম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে। কাৰ্যসূচীত সুন্দৰম সুকুমাৰ কলা কেন্দ্ৰ, সুৰধ্বনি, শংখধ্বনি সংগীত বিদ্যালয় আদিয়েও বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজতে আয়োজকসকলে জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা শিক্ষক ৰবীন মহন্তৰ লগতে কেইবাগৰাকীক সম্বৰ্ধনা জনায়। ইফালে ২৫ জানুৱাৰীৰ দিনা বৰহোলা গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘দলং’ কেইবাগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰে ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপক তৰুণ শইকীয়াই। লগতে পুৱাৰ পৰা মাজনিশালৈকে অসম ভিত্তিত ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, পাৰ্বতি সংগীত, জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি আবেলি গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন শৈক্ষিক-সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। গ্ৰন্থমেলাৰ ছদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা সকলোকে উদযাপন সমিতিৰ অমল সোণোৱাল, বিজয় হাজৰিকা, দেৱজিৎ পাঠক আদিৰ লগতে অন্যান্য বিষয়ববীয়াই কৃতজ্ঞতা জ্ঞাপন কৰিছে।