কানৈ মহাবিদ্যালয়ৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন
কানৈ মহাবিদ্যালয়ক লৈ গৌৰৱান্বিত হৈছোঁ : ড° অশ্বিনী শৰ্মা
চাইন অন ডেস্ক,২৭জুন:
‘যোৱা দশকটোত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-এ অভূতপূর্ব উন্নতি কৰিছে। বিজ্ঞান- প্ৰযুক্তিৰ পৰা শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়ালৈ মহাবিদ্যালয়খনৰ উত্তৰণত মই গৌৰৱান্বিত হৈছোঁ। ৮১ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচী উদ্বোধন কৰি ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰ, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক, ইউনেস্ক’ এছ’চিয়েশান, গুৱাহাটীৰ সচিব প্রধানকে ধৰি আন্তঃৰাষ্ট্ৰীয় বহুকেইটা সংগঠনৰ গুৰু দায়িত্ব বহন কৰি থকা ড° অশ্বিনী শৰ্মাই আজি এইদৰে কয়। কাৰ্য
সূচী উদ্বোধন কৰি তেওঁ কয়— কানৈ মহাবিদ্যালয়ে প্ৰযুক্তিৰ দিশত পৃথিৱীৰ ভিতৰতে বহুকেইটা কাম সফলতাৰে সম্পন্ন কৰি পৃথিৱীক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, কানৈ মহাবিদ্যালয়ে পৰিৱেশ, শিক্ষা, ক্রীড়া আদিৰ দিশতো দেশৰ সীমা ভেদি দেশ-দেশান্তৰত প্ৰতিভা উজ্বলাই তুলিবলৈ সক্ষম হৈছে। এনে এখন প্রাচীন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই পৰম সৌভাগ্যৱান বুলি উল্লেখ কৰি তেওঁ কয়— কানৈ মহাবিদ্যালয়ে যিদৰে গঠনমূলক চিন্তা-চৰ্চাৰে আগুৱাই গৈছে, সেই চিন্তাত তেওঁ সদায় সহযোগিতা আগবঢ়াব আৰু পৃথিৱীৰ ভিতৰত প্ৰথমবাৰৰ বাবে কৰি দেখুওৱা কাম-কাজখিনি তেওঁ ৰাষ্ট্ৰসংঘ, ইউনেস্ক’ৰ প্ৰত্যক্ষ মজিয়াত উপস্থাপন কৰাৰ চেষ্টা কৰিব। সভাত ড° শৰ্মাই কানৈ মহাবিদ্যালয়ৰ এনে প্ৰগতি আৰু উন্নতিত সন্তোষ প্রকাশ কৰি মহাবিদ্যালয়খনে বিগত কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ মিছন ন’লেজ প্ৰগ্ৰেমত অংশ গ্রহণ কৰি যি ব্যতিক্রমী নেতৃত্ব দেখুৱালে তাৰ বাবে ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ তৰফৰ পৰা মহাবিদ্যালয়খনক ‘এৱেল মিছন ন’লেজ লিডারশীপ এৱাৰ্ড” প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াক এক প্রশংসা পত্ৰও প্ৰদান কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ কানৈ মহাবিদ্যালয়ক সন্মানীত কৰোৱাৰ ব্যৱস্থা ল’ব বুলিও সভাত অৱগত কৰে। অতিথিসকলক মুখ্য দ্বাৰৰ পৰা আৰতি কৰি গায়ন-বায়ন আৰু এন চি চিৰ কেডেটে উষ্ম আদৰণি জনাই অনাৰ পিছতে মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্রতিষ্ঠাতা হনুমানবক্স কানৈ, প্ৰতিষ্ঠাপক অধ্যক্ষ ড° যোগীৰাজ বসু, প্ৰতিষ্ঠাপক উপাধ্যক্ষ লক্ষ্মীপ্রসাদ দত্ত আৰু প্ৰতিষ্ঠাপক সম্পাদক অশ্বিনী চৰণ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰা হয়। পুৱা অধ্যক্ষ ড° শশীকান্ত শইকীয়াই পতাকা উত্তোলন কৰা কাৰ্যসূচীৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত পৰিচালনা সমিতিৰ সভাপতি ডলখিৰাম শইকীয়াই মহাবিদ্যালয়খনৰ ইতিবাচক কাম-কাজক প্ৰশংসা কৰি অধ্যাপক-অধ্যাপিকাসকলক মহাবিদ্যালয়খনৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় । অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰয়ো প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য হোৱা বুলি কয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্রতিষ্ঠাতা হনুমানবক্স কানৈ, প্ৰতিষ্ঠাপক অধ্যক্ষ ড° যোগীৰাজ বসু, প্রতিষ্ঠাপক উপাধ্যক্ষ লক্ষ্মীপ্রসাদ দত্ত আৰু প্ৰতিষ্ঠাপক সম্পাদক অশ্বিনী চৰণ চৌধুৰী
প্ৰমুখ্যে শিক্ষাসদী ৰাইজ আৰু অন্যান্য শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় – সেইসকল মহান মনীষীৰ অহোপুৰুষাৰ্থ ত্যাগ আৰু সপোনেই উজনি অসমত উচ্চ শিক্ষাৰ এক পরিত্র থলী ৰূপে গঢ়ি তুলিছিল। এই পৱিত্ৰ থলী তথা জ্ঞান মন্দিৰ আজি এক বিশাল মহীরূহলৈ ৰূপান্তৰিত হ’ল। তেওঁ কয়— সোঁৱৰণিৰ সোণালী সঁফুৰা মেলি চালে দেখা পাওঁ, যি ত্যাগৰ ভেটিত এই অনুষ্ঠান গঢ়ি উঠিছিল, সি কেৱল ইটা শিল, বালি আৰু চিমেণ্টৰ দালান নাছিল; সি আছিল একোটা সঁচা সপোনৰ বীজ। অধ্যক্ষ ড০ শইকীয়াই কয়— একবিংশ শতিকা হৈছে তথ্য- প্ৰযুক্তিৰ যুগ। কানৈ মহাবিদ্যালয়ক সম্পূৰ্ণৰূপে এটা আধুনিক আৰু প্ৰযুক্তি-নিৰ্ভৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ কাম কৰিছোঁ আৰু ইতিমধ্যে মহাবিদ্যালয়খনক বিশ্বৰ বুকুত খোজ ৰাখিব পৰাকৈ কেইবাটাও কাম সম্পন্ন কৰা হৈছে। মহাবিদ্যালয়ৰ অধ্যাপিকা সংক্রান্তি দেৱীয়ে আঁত ধৰা অনুষ্ঠানটি ‘অশ্বিনীচৰণ চৌধুৰী স্মাৰক বঁটা’ গ্ৰহণ কৰি কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে মহাবিদ্যালয়ৰ উত্তৰণত অভিভূত হৈ শিক্ষাৰ্থী ৰূপে মহাবিদ্যালয়ত পাৰ কৰি যোৱা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে। আনহাতে আজিৰ এই অনুষ্ঠানতে কানৈ মহাবিদ্যালয়ে বিশিষ্ট সংগঠক ডিব্ৰুগড়ৰ নিৱাসী অমিয় হাজৰিকাক সু-সংগঠক বঁটা প্ৰদান কৰে।
লগতে চলিত বৰ্ষত স্নাতক কলা শাখাৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা নৃতত্ত্ব বিভাগৰ ছাত্ৰী ভূমিকা গগৈক ড° লক্ষ্মীপ্রসাদ দত্ত স্মাৰক বঁটা’ প্ৰদান কৰা হয়।৮১ সংখ্যক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ড০ লক্ষ্মীপ্রসাদ দত্ত স্মাৰক বক্তৃতানুষ্ঠানত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ প্ৰাধ্যাপক তথা বিশিষ্ট লেখক ড০ ৰক্তিম ৰঞ্জন শইকীয়াই ‘ভৌত সাংস্কৃতিক প্ৰেক্ষাপটত পুৰণি অসমৰ অৰ্থনৈতিক বিকাশ’ শীৰ্ষক বিষয়ত এক মননশীল বক্তৃতা আগবঢ়ায়। মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা তথা অনুষ্ঠানৰ সমন্বয়ক ড০ চন্দনা গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত মহাবিদ্যালয় সংগীতৰ ভিডিঅ’গ্ৰাফী উন্মোচন কৰি প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ বাৰ্ষিক বুলেটিন, মহাবিদ্যালয়ৰ উন্নয়ন সম্বলিত বর্ধিত কলেৱৰৰ গ্ৰন্থ ‘উত্তৰণ’, মহাবিদ্যালয়ৰ গৱেষণালব্ধ গ্ৰন্থ, মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ আতিকুদ্দিন আহমেদৰ “বিপন্ন সময়ৰ মাজেদি, ‘কানৈ কলেজ’ শীর্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ষষ্ঠ যান্মসিকৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীক মান পত্ৰৰে সন্মানিত কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য জ্যোতি প্ৰসাদ কানৈ উপস্থিত থাকি কয়— কানৈ
মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে কানৈ আটাইকেইখন মহাবিদ্যালয় একেলগ হৈ অধ্যক্ষগৰাকীক সন্মানীত কৰাৰ কথা অৱগত কৰে। অনুষ্ঠানত কানৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ড০ গোপাল চন্দ্ৰ হাজৰিকা, উপাধ্যক্ষ ড০ পার্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড০ জ্যোতি প্রসাদ ফুকন, অধ্যাপক ড০ মৃদুল শর্মা, ড০ লক্ষ্মী প্রসাদ দত্তৰ পৰিয়ালৰ ক্ৰমে ৰূপনন্দা দত্ত, সাগৰ দত্ত আৰু ড০ মৌচুমী দত্ত, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপজ্যোতি ভৰালী, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈৰ লগতে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, প্রাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীকে ধৰি চহৰখনৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি আক শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয়খনক লৈ প্ৰস্তুত কৰা এখনি তথ্যচিত্রও প্ৰদৰ্শন কৰা হয়। শেষত শলাগ জ্ঞাপন কৰে নৃতত্ত্ব বিভাগৰ অধ্যাপিকা ড০ নিভূমণি শইকীয়াই। অনুষ্ঠানত লেখিকা সস্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ হৈ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই প্ৰথমজন শুভচিন্তক হিচাপে অধ্যক্ষ ড০ শশীকান্ত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।
Like this:
Like Loading...