...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী কৌস্তুভী সোণোৱাল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী কৌস্তুভী সোণোৱাল

‘এন এছ ডি’ লৈ নিৰ্বাচিত

চাইন অন ডেস্ক,২৬ জুনঃ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ বাবে এক গৌৰৱৰ খবৰ৷ কেন্দ্ৰটোৰ নাট্যকলা বিষয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী কৌস্তুভী সোণোৱালে দেশৰ সৰ্বোচ্ছ নাট্য শিক্ষা প্ৰতিষ্ঠান ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়’ (নেচনেল স্কুল অৱ ড্ৰামা চমুকৈ ‘এন এছ ডি’) নতুন দিল্লীত সন্মানজনক তিনিবছৰীয়া ‘ডিপ্লোমা ইন ড্ৰামেটিকছ’ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে৷ গুৱাহাটীত অনুষ্ঠিত প্ৰাথমিক বাছনি পৰ্বত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ চাৰি দিনজোৰা নিবিড় নাট্য কৰ্মশালা, অভিনয় দক্ষতাৰ প্ৰদৰ্শন আৰু সামগ্ৰিক মূল্যায়নৰ আধাৰত অনুষ্ঠিত চূড়ান্ত বাছনি পৰ্বতো কৃতিত্বৰে উত্তীৰ্ণ হয় কৌস্তভী৷ সমগ্ৰ দেশৰ পৰা অতি কঠোৰ আৰু বহুস্তৰীয় বাছনি প্ৰক্ৰিয়াৰ মাজেৰে প্ৰতিবছৰে মাত্ৰ ৩২ গৰাকী শিক্ষাৰ্থীক এই প্ৰতিষ্ঠানত নামভৰ্তিৰ সুযোগ দিয়া হয়৷ চলিত বৰ্ষত অসমৰ পৰা নিৰ্বাচিত হোৱা দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী হৈছে কৌস্তভী। তেওঁৰ এই উল্লেখযোগ্য সফলতাই নাট্যকলা বিভাগৰ লগতে ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ আৰু সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ জিতেন হাজৰিকাই কৌস্তভী সোণোৱালক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁৰ আগন্তুক জীৱনৰ সফলতা কামনা কৰে৷ একে সময়তে তেওঁ কেন্দ্ৰটোৰ অধ্যক্ষা অধ্যাপক ড॰ পল্লৱী ডেকা বুজৰবৰুৱা আৰু নাট্যকলা বিভাগৰ শিক্ষক ড॰ গৌতম শৰ্মাক ছাত্ৰ-ছাত্ৰীসকলক সৃজনীশীল আৰু দক্ষ নাট্যকৰ্মী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা নিষ্ঠাপূৰ্ণ দিক্‌ নিৰ্দেশনা, পৰিচৰ্যা আৰু একাগ্ৰ সাধনাৰ বাবে আন্তৰিক শলাগ লয়৷ উল্লেখযোগ্য যে কৌস্তভী সোণোৱাল হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ষষ্ঠগৰাকী শিক্ষাৰ্থী, যিয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ এই ধাৰাবাহিক সফলতাই নাট্য শিক্ষা আৰু পেছাদাৰী নাট্য প্ৰশিক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে দীৰ্ঘদিন ধৰি অটুট ৰাখি অহা উৎকৰ্ষতা, শৈক্ষিক মান আৰু গৌৰৱোজ্জ্বল পৰম্পৰাক পুনৰ এবাৰ উজ্জ্বলভাৱে প্ৰতিফলিত কৰিছে৷ উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী অঞ্চলৰ মঠাৱনী গাঁৱৰ সাংস্কৃতিক কৰ্মী মনোজ সোণোৱাল আৰু ননী হাজৰিকা সোণোৱালৰ জ্যেষ্ঠ কন্যা কৌস্তভীয়ে বিগত পাঁচ বছৰৰো অধিক কাল দুলীয়াজানৰ নাট্য সংগঠন ‘পথাৰ’ৰ স’তে জৰিত৷ ইতিমধ্যে কৌস্তভীয়ে বিভিন্ন স্থানত সমল ব্যক্তি হিচাপে নাট্য প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ লগতে পোন্ধৰখন নাটকত সফল অভিনয় কৰিছে আৰু ছখনৰো অধিক পূৰ্ণাংগ নাটক পৰিচালনা কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *