কানৈ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্পন্ন
দেশ-বিদেশৰ ২০০ৰো অধিক গৱেষক-শিক্ষাবিদৰ অংশগ্ৰহণ, ৮২ খন গৱেষণা পত্ৰ পাঠ
চাইন অন ডেস্ক,২৭জুনঃ
উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ একমাত্ৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত ২৬ আৰু ২৭ জুন, ২০২৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এক সফল আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষ (IQAC) আৰু ইংৰাজী বিভাগৰ উদ্যোগত, জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই সন্মিলনৰ মূল বিষয় আছিল “Mapping the Evolution of Human Communication: Technological, Economic and Social Dimensions”।

মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° কস্তুৰী শইকীয়াই সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° জয়দেৱ গগৈয়ে মানৱ যোগাযোগ ব্যৱস্থাৰ ক্ৰমবিকাশ, তথ্য-প্ৰযুক্তিৰ যুগত শিক্ষা আৰু গৱেষণাৰ নতুন সম্ভাৱনা, লগতে আন্তঃবিষয়ক গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ এনে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ গৱেষক আৰু শিক্ষাবিদৰ মাজত জ্ঞান-বিনিময় আৰু সহযোগিতা অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে।
ইয়াৰ পাছতে সমল ব্যক্তি ড° সূৰুজ ৱালিয়াই “দৈনন্দিন মানৱ জীৱনত AI-ই কঢ়িয়াই অনা পৰিৱৰ্তন” শীৰ্ষক বিষয়ত এক মননশীল বক্তৃতা আগবঢ়ায়। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশে শিক্ষা, স্বাস্থ্য, বাণিজ্য, সংবাদ মাধ্যম আৰু দৈনন্দিন জীৱনত সৃষ্টি কৰা সুদূৰপ্ৰসাৰী পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰাৰ লগতে AI-ৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
উদ্বোধনী অনুষ্ঠানৰ আন এক বিশেষ আকর্ষণ আছিল যুক্তৰাষ্ট্ৰৰ বৃষ্টল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ড° তাৰা পুৰীৰ অনলাইন যোগদান। তেওঁ মুখ্য বক্তা হিচাপে “ঔপনিবেশিক যুগৰ অন্তিম
প্ৰথম দিনা বিয়লি ৩ বজাৰ পৰা মহাবিদ্যালয়ৰ বিভিন্ন সভাকক্ষত সমান্তৰালভাৱে পাঁচটা কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়। এই সত্ৰসমূহত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসকলে যোগাযোগ, প্ৰযুক্তি, সাহিত্য, অৰ্থনীতি, সমাজবিজ্ঞান, গণমাধ্যম আৰু অন্যান্য আন্তঃবিষয়ক ক্ষেত্ৰৰ ওপৰত মুঠ ৪০ খন গৱেষণা পত্ৰ পাঠ কৰে। দ্বিতীয় দিনাও সমান উৎসাহেৰে কাৰিকৰী সত্ৰসমূহ অনুষ্ঠিত হয়, য’ত ৪২ খন গৱেষণা পত্ৰ পাঠ কৰা হয়। এইদৰে দুদিনত মুঠ ৮২ খন গৱেষণা পত্ৰ পাঠ কৰা হয় বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে।

এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে যুক্তৰাষ্ট্ৰ, নেপাল আদি দেশৰ ২০০ৰো অধিক গৱেষক, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী, নীতি নিৰ্মাতা, সংবাদ মাধ্যম বিশেষজ্ঞ আৰু দাৰ্শনিকে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে যোগাযোগ ব্যৱস্থাৰ ঐতিহাসিক বিকাশ, আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ, সামাজিক পৰিৱৰ্তন, অৰ্থনৈতিক দিশ আৰু ভৱিষ্যৎ সম্ভাৱনাৰ ওপৰত গঠনমূলক মত-বিনিময় কৰে। উল্লেখযোগ্য যে এই সন্মিলনৰ প্ৰতিটো কাৰিকৰি সত্ৰৰ পৰা একোজনকৈ শ্ৰেষ্ঠ গবেষণা পত্ৰ পৰিবেশনকাৰী সঞ্চালক সকলে বাচনি কৰি উলিয়ায়।
দুদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰই জ্ঞানচৰ্চা, গৱেষণা আৰু আন্তঃবিষয়ক বৌদ্ধিক আদান-প্ৰদানৰ এক সাৰ্থক মঞ্চ হিচাপে সফলতা লাভ কৰাৰ লগতে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ শৈক্ষিক উৎকৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত গৱেষণামুখী পদক্ষেপক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি অংশগ্ৰহণকাৰীসকলে মত প্ৰকাশ কৰে। শেষত সমল ব্যক্তি সকলে মহাবিদ্যালয়ৰ অধ্যক্ষ, সন্মিলনৰ আয়োজক সমিতিক নিয়মানুবৰ্তিতা, সময়ব্যবস্থা তথা কৌশলগত আয়োজনৰ বাবে ভূয়সী প্ৰশংসা কৰে।
