Skip to content মিছ ৱৰ্ল্ড ২০২৫ গ্ৰেণ্ড ফাইনেলৰ বাবে কাউণ্টডাউন আৰম্ভ
৩১ মে’ত হায়দৰাবাদ কঁপিব সুন্দৰীৰ লয়লাসত
হায়দৰাবাদত মিছ ৱৰ্ল্ড ২০২৫ গ্ৰেণ্ড ফাইনেলৰ কাউণ্টডাউন আৰম্ভ
_১২ গৰাকী ফাষ্ট ট্ৰেক ফাইনেলিষ্ট নিশ্চিত
বাকী শীৰ্ষ ২৮ জনক বিচাৰকে নিৰ্বাচন কৰিব_
চাইন অন ডেস্কঃ
অহা ৩১ মে’ত হায়দৰাবাদৰ হাইটেক্সত নতুনকৈ নিৰ্মাণ কৰা হল ৪ ত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত মিছ ৱৰ্ল্ড ২০২৫ গ্ৰেণ্ড ফিনালেৰ মঞ্চ ইতিমধ্যে সাজু হৈ উঠিছে। মাজত মাথো আৰু কিছু সময় বাকী৷ অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ সময় ওচৰ চাপি অহাৰ লগে লগে উত্তেজনা বাঢ়ি গৈছে । এতিয়ালৈকে ১২ গৰাকী প্ৰতিযোগীয়ে ফাষ্ট ট্ৰেক ইভেণ্টৰ জৰিয়তে শীৰ্ষ ৪০ ৰ ভিতৰত স্থান নিশ্চিত কৰিছে ৷
ক্ৰীড়া চেলেঞ্জৰ পৰা ১ গৰাকী
টেলেণ্ট চেলেঞ্জৰ পৰা ১ গৰাকী
হেড টু হেড চেলেঞ্জৰ পৰা ৪ গৰাকী
টপ মডেল প্ৰতিযোগিতাৰ পৰা ৪ গৰাকী
বিউটি উইথ এ পাৰ্প’জ শিতানৰ পৰা ২ গৰাকী
উল্লেখ্য যে, ইয়াৰে দুটা প্ৰতিযোগিতাত ইণ্ডোনেছিয়া আৰু ৱেলছে শীৰ্ষস্থান দখল কৰিছে।বাকী ২৮ গৰাকী চূড়ান্ত প্ৰতিযোগীক আমেৰিকা-কেৰিবিয়ান, আফ্ৰিকা, ইউৰোপ আৰু এছিয়া-অ’চেনিয়া অঞ্চলক প্ৰতিনিধিত্ব কৰা আন্তঃৰাষ্ট্ৰীয় বিচাৰকৰ পেনেলে নিৰ্বাচন কৰিব । আয়োজকসকলৰ মতে, প্ৰতিখন মহাদেশৰ পৰা ১০ জন প্ৰাৰ্থীয়ে শীৰ্ষ ৪০ ৰ ভিতৰত স্থান লাভ কৰিব ।

বহু পৰ্যায়ৰ এলিমিনেশ্যন ফৰ্মেট
শীৰ্ষ ৪০ গৰাকী প্ৰতিযোগী চূড়ান্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা গাঁথনিগতভাৱে প্ৰতিযোগী আঁতৰিব :
শীৰ্ষ ২০: প্ৰতিখন মহাদেশৰ পৰা ৫ গৰাকী
শীৰ্ষ ৮: প্ৰতিখন মহাদেশৰ পৰা ২ গৰাকী
শীৰ্ষ ৪: প্ৰতিখন মহাদেশৰ পৰা ১ গৰাকী
এই চাৰিগৰাকী ভিতৰত মিছ ৱৰ্ল্ড ২০২৫ৰ বিজয়ী আৰু তিনিগৰাকী ৰানাৰ্ছ আপ ঘোষণা কৰা হ’ব ।
গ্ৰেণ্ড নাইটৰ বাবে ৩৫০০ অতিথিৰ আশা কৰা হৈছে।ইফালে গ্ৰেণ্ড ইভেণ্টৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে । চাইবাৰ আৰক্ষী, যান-বাহন বিভাগ আৰু পৰ্যটন বিভাগকে ধৰি কৰ্তৃপক্ষই আয়োজকসকলৰ সৈতে হাত মিলাই উপস্থিতসকলৰ বাবে এক চিৰস্মৰণীয় অভিজ্ঞতা নিশ্চিত কৰিছে। ৩৫০০ জন লোকৰ ক্ষমতা থকা হলটোত বিষয়াসকলে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।চূড়ান্ত উদযাপন সন্ধিয়াৰ পৰা আৰম্ভ হ’ব।আনহাতে মূল প্ৰতিযোগিতাসমূহ নিশা ১০ বজাৰ পৰা মাজনিশালৈকে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
Like this:
Like Loading...