...

অৰুণাচলক দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হিচাপে গঢ় দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী খাণ্ডুৰ

ইটানগৰঃ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচলৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ ছটা ভিন্ন বিষয়বস্তুত গ্ৰুপ অৱ চেক্ৰেটাৰী (জি অ’ এছ) গঠন কৰিছে।খাণ্ডুৱে ছটা বিষয়বস্তু যেনে সুশাসন- অৰুণাচল প্ৰদেশৰ প্ৰত্যাহ্বান আৰু সুযোগ, ভাৰতৰ জৈৱিক হাব আৰু অৰুণাচল, সুস্থতা, আধ্যাত্মিক আৰু দুঃসাহসিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে অৰুণাচল, নিয়োগ সৃষ্টি আৰু দক্ষতা বিকাশ, স্বাস্থ্য আৰু শিক্ষা।এই গ্ৰুপ অৱ চেক্ৰেটাৰীসকলে নিজৰ নিজৰ বিষয়বস্তুত বিশদ পৰিকল্পনা প্ৰস্তুত কৰি অতি সোনকালে চৰকাৰৰ সন্মুখত উপস্থাপন কৰিব। মুখ্য সচিবে জিঅ’এছৰ এখন বৈঠক আহ্বান কৰি সচিবসকলক অৱগত কৰে যে যাতে অৰুণাচলক দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ পৰিকল্পনা সফল হয়, তাৰ বাবে উপযুক্ত আৰু কাৰ্য্যক্ষম পৰামৰ্শৰে চৰকাৰক পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সৰ্বোত্তমখিনি আগবঢ়াব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *