...

ৰাষ্ট্ৰপতি শাসনৰ মাজতে উত্তপ্ত মণিপুৰ

এজন নিহত,২৭জন নিৰাপত্তাৰক্ষীসহ আহত ৪৩

প্ৰতিবাদকাৰীয়ে বগৰালে বাহন

চাইন অন ডেক্স,৯মাৰ্চঃইম্ফল আৰু পাহাৰীয়া জিলাৰ মাজত বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ বিৰোধিতা কৰি কুকি-জো জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিভিন্ন জিলাত সংঘটিত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয়।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত মুক্ত চলাচল সুনিশ্চিত কৰিবলৈ দিয়া নিৰ্দেশ দিয়াৰ এসপ্তাহ পিছতে পুনৰ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । মণিপুৰৰ কাংপকপি জিলাত প্ৰশাসনে ইম্ফলৰ পৰা কাংপকপি জিলা হৈ সেনাপতিলৈ আৰু ইম্ফলৰ পৰা বিষ্ণুপুৰ হৈ চুৰাচান্দপুৰলৈ বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছতে শনিবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে । নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত এজন পুৰুষ প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয় । নিহত লোকজন লালগৌথাং চিংচিট বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, কিথেলমেনবিত সংঘৰ্ষৰ সময়ত ৩০ বছৰীয়া চিংচিটক গুলীয়ে আঘাত হানে আৰু চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।কাৰ্যত এতিয়াও মনিপুৰত স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *