...

ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰিত হ’ব দেওবাৰে

Spread the love

 

 

ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰিত হ’ব দেওবাৰে

 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে
৫সহস্রাধিক জুবিন অনুৰাগীয়ে পৰিৱেশন কৰিব
জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত

ঢকুৱাখনা:

দেওবাৰে ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে।ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত ৫সহস্রাধিক জুবিন অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত।ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ নেতৃত্বত গঠন হোৱা সামাজিক অনুষ্ঠান সপ্তশিখাৰ উদ্যোগত আৰু ঢকুৱাখনা সম-জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা হৈছে এই বিশেষ ব্যতিক্ৰমী সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুস্থানৰ।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে ঢকুৱাখনা সমষ্টিৰ ২২খন পঞ্চায়তৰ ৫ হাজাৰৰো অধিক অনুৰাগী বিয়লি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত সমবেত হ’ব।ইয়াতেই শিল্পী আৰু অনুৰাগীয়ে জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত পৰিৱেশন কৰিব। বিয়লি ৫ বজাৰ পৰা হ’বলগীয়া এই শ্রদ্ধাঞ্জলি অনুস্থানত জুবিন অনুৰাগী ১০০ গৰাকীৰো অধিক বাদ্যযন্ত্রীয়ে সংগীত শিল্পী সুনীল দুৱৰা, অক্ষয়প্ৰীত গগৈ,নৱ চেতিয়াৰ তত্বাবধানত জুবিন গাৰ্গৰ ২০টাকৈ গীত পৰিবেশন কৰিব।ইয়াৰ বাবে ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত সমজিলাখনৰ বিভিন্ন প্ৰান্তৰ শিল্পী কলা-কুশলীসকল ব্যস্ত হৈ পৰিছে অন্তিম অনুশীলনত।দর্শকসকলে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *