...

প্ৰাতঃভ্ৰমণত ওলাই যোৱা যুৱতীক অপহৰণ

প্ৰাতঃভ্ৰমণত ওলাই যোৱা যুৱতীক অপহৰণ

তিনিচুকীয়া ৰেল ষ্টেচনত বস্তাৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ

চাইন অন ডেস্ক,৮জুন:

ডিব্ৰুগড় মহানগৰত সোমবাৰে পুৱা সংঘটিত হোৱা এক চাঞ্চল্যকৰ অপহৰণকাণ্ডই সমগ্ৰ উজনি অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰৰ শান্তিপাৰা অঞ্চলৰ পি.এন. ৰোডৰ পৰা প্ৰাতঃভ্ৰমণত ওলাই যোৱা এগৰাকী ১৮ বছৰীয়া যুৱতীক দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিছত তিনিচুকীয়া ৰেলৱে ষ্টেচনত এখন ৰেলগাড়ীৰ দবাৰ ভিতৰত বস্তাত ভৰাই থোৱা অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৫:৩০ বজাত যুৱতীগৰাকী মাতৃৰ সৈতে প্ৰাতঃভ্ৰমণলৈ ওলাইছিল। কিছু সময় পিছত মাতৃ ঘৰলৈ উভতি আহিলেও যুৱতীগৰাকী ঘৰলৈ নাহে। পৰিয়ালৰ অভিযোগ অনুসৰি, সেই সময়তে কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱতীগৰাকীৰ নাকত কোনো অজ্ঞাত দ্ৰব্য প্ৰয়োগ কৰি অচেতন কৰি বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যায়।
যুৱতীগৰাকী দীঘলীয়া সময় ধৰি ঘৰলৈ নুঘূৰাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে। একে সময়তে বিষয়টো ডিব্ৰুগড় আৰক্ষীক অৱগত কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি শান্তিপাৰা অঞ্চলত তীব্ৰ উদ্বেগ আৰু উৎকণ্ঠাৰ সৃষ্টি হয়।
ইফালে, ঘটনাটোক লৈ ডিব্ৰুগড়ত ব্যাপক চৰ্চা চলি থকাৰ সময়তে তিনিচুকীয়া ৰেলৱে ষ্টেচনত এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, অৱধ আছাম এক্সপ্ৰেছৰ এটা দবাত সন্দেহজনকভাৱে পৰি থকা এটা বস্তা দেখি এগৰাকী যাত্ৰীৰ সন্দেহ হয়। বস্তাটো পৰীক্ষা কৰি তেওঁ ভিতৰত এগৰাকী অচেতন যুৱতীক

আৱদ্ধ অৱস্থাত দেখা পায় আৰু লগে লগে ৰেলৱে আৰক্ষী তথা স্থানীয় আৰক্ষীক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত জ্ঞান ঘূৰি অহাৰ পিছত যুৱতীগৰাকীয়ে আৰক্ষীৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগাযোগ কৰে।

সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীয়ে কয়, “মই ৰাস্তাৰে গৈ থাকোঁতে কোনোবাই পিছফালৰ পৰা নাকত কিবা লগাই দিয়ে। তাৰ পিছত মই একো মনত পেলাব নোৱাৰোঁ। জ্ঞান আহি দেখি নিজকে তিনিচুকীয়া ৰেল ষ্টেচনত পাওঁ। কোনে এই কাম কৰিলে, কিমানজন আছিল বা মই কেনেকৈ তাত পালোঁ, সেই বিষয়ে মোৰ কোনো ধাৰণা নাই।”
ঘটনাটোৰ আন এটা তাৎপৰ্যপূৰ্ণ দিশ হ’ল, অপহৰণ সংঘটিত হোৱা সময়ত পথটোত মানুহৰ আহ-যাহ আছিল আৰু অঞ্চলটোত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থাও আছিল। এনে পৰিস্থিতিত দুৰ্বৃত্তই ৰাজপথৰ পৰা এগৰাকী যুৱতীক অপহৰণ কৰিবলৈ সক্ষম হোৱাটো বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে।
ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজ সংগ্ৰহ কৰাৰ লগতে অপহৰণৰ সৈতে জড়িত সন্দেহভাজন লোকক চিনাক্ত কৰাৰ বাবে ব্যাপক অনুসন্ধান চলাই আছে। যুৱতীগৰাকীক কোনে, কি উদ্দেশ্যে আৰু ক’লৈ নিয়াৰ চেষ্টা কৰিছিল, সেই সকলো দিশ সামৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এই চাঞ্চল্যকৰ ঘটনাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে মহানগৰখনত মহিলাৰ সুৰক্ষা ব্যৱস্থাক লৈও নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীয়ে শীঘ্ৰেই ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব বুলি আশা প্ৰকাশ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *