...

কেন্দ্ৰীয় ক্রীড়া-যুৱ কল্যাণ মন্ত্ৰ্যালয়ৰ স্বৰ্ণ পদক অৰ্জন

কেন্দ্ৰীয় ক্রীড়া-যুৱ কল্যাণ মন্ত্ৰ্যালয়ৰ স্বৰ্ণ পদক অৰ্জন

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ

চাইন অন ডেস্ক,৮জুন:

সমগ্র দেশজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপিত হৈ ‘বিশ্ব চাইকেল দিৱস’ৰ মজিয়াত অসম তথা সমগ্র উত্তৰ-পূর্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ে। কেন্দ্রীয়
ক্রীড়া আৰু যুৱ- কল্যাণ মন্ত্র্যালয়ৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় কার্যসূচীত বিশ্ববিদ্যালয়খনক এক বিশেষ শিতানত শীর্ষ সম্মানেৰে অলংকৃত কৰি স্বর্ণ পদক প্রদান কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেন্দ্রীয় ক্রীড়া আৰু যুব কল্যাণ মন্ত্রী ড° মনসুখ মাণ্ডৱিয়াই এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটা অর্পণ কৰে। বঁটাটো গ্রহণ কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে। শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ে নিজৰ নতুন চৌহদটো প্রথম দিনটোৰ পৰাই সম্পূর্ণৰূপে বাহনমুক্ত কৰি ৰখা আৰু ফিট ইণ্ডিয়াৰ নীতি-নিয়মসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে এই সর্বোচ্চ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বঁটা প্ৰদানৰ সময়ত কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মাণ্ডৱিয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এই একমাত্র ক্রীড়া বিশ্ববিদ্যালয়খনক বিশেষ প্রশংসা কৰে। তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে নিজৰ সমগ্ৰ চৌহদ সম্পূৰ্ণৰূপে বাহনমুক্ত কৰি দেশৰ সন্মুখত এক অনন্য আৰু ঐতিহাসিক নিদর্শন দাঙি ধৰিছে, যাৰ ফলত তেওঁলোকক এই শীর্ষ সন্মানেৰে পুৰস্কৃত কৰা হৈছে। এয়া সমগ্র দেশৰে শিক্ষানুষ্ঠানসমূহৰ বাবে এক অনুকৰণীয় সেউজ আদর্শ বুলিও তেওঁ অভিহিত কৰে। পৰিৱেশ সুৰক্ষা, বহনক্ষমতা আৰু সুস্বাস্থ্যৰ বাৰ্তাৰে আয়োজিত এই বৰ্ষৰ বিশ্ব চাইকেল দিৱসৰ কাৰ্যসূচী সমগ্র দেশতে আছিল অত্যন্ত ব্যাপক।এইবাৰ কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনৰ উদ্যোগত দেশজুৰি ফিট ইণ্ডিয়া দেওবাৰৰ চাইকেল (Fit India Sundays on Cycle) অভিযানৰ ৭৭ তম সংস্কৰণ অনুষ্ঠিত হয়। দেশৰ কাৰ্গিল,লেহৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰী আৰু ত্ৰিপুৰাৰ পৰা বদোদৰালৈকে হাজাৰ হাজাৰ স্থানত প্রায় ৪ লাখতকৈও অধিক লোকে এই একদিনীয়া চাইকেল ড্রাইভত অংশগ্রহণ কৰি এক অনন্য জনজাগৰণৰ সৃষ্টি কৰে। দিল্লীৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে জনপ্রিয় অভিনেতা বিক্রান্ত মেছী, বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী বক্সাৰ নুপুৰ শ্বেউৰাণকে ধৰি ১৫ হাজাৰতকৈও অধিক ক্রীড়াপ্রেমী তথা ফিটনেছ উৎসাহীয়ে চাইকেল চলাই সুস্বাস্থ্য আৰু পৰিৱেশ অনুকূল জীৱনশৈলীৰ সপক্ষে সজাগতা সৃষ্টি কৰে। এই অনুষ্ঠানতে মন্ত্রী মাণ্ডৱিয়াই দেশবাসীক দৈনিক অতি কমেও ৩০ মিনিট শাৰীৰিক ব্যায়াম বা চাইক্লিং কৰিবলৈ আহ্বান জনায়, যাৰ দ্বাৰা ইন্ধন ৰাহি হোৱাৰ লগতে প্রদূষণমুক্ত ধৰিত্ৰী গঠন আৰু যান-জটৰ সমস্যা সমাধান সম্ভৱ হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ মঞ্চত ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ে লাভ কৰা এই গৌৰৱোজ্জ্বল কৃতিত্বৰ বাবে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে অভিনন্দন জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *