ডিব্ৰুগড় জিলাত বিশ্ব হেপাটাইটিছ দিৱস পালন
ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উদ্বোধনী সভা
হেপাটাইটিছৰ সজাগতাৰ বাবে সপ্তাহজোৰা কাৰ্যসূচী
চাইন অন ডেস্ক,২৮ জুলাই:
আজি সমগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড় জিলাতো বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। এই বৰ্ষৰ বিশ্বব্যাপী থিম *”Hepatitis: Let’s break it down”* ক সাৰোগত কৰি ভাইৰেল হেপাটাইটিছৰ ভয়াৱহতাৰ প্ৰতি জনসাধাৰণক সচেতন কৰা, ইয়াৰ প্ৰতিৰোধ, আগতীয়া নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসাৰ সুবিধাৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজিৰ পৰা ৩ আগষ্টলৈ জিলাখনত এক সপ্তাহজোৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
এই উপলক্ষে আজি ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত জিলা পৰ্যায়ৰ উদ্বোধনী সভা অনুষ্ঠিত হয়। দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে ২৮ জুলাইৰ পৰা ৩ আগষ্টলৈ এক সপ্তাহজোৰা ব্যাপক সজাগতা আৰু সেৱা অভিযানৰ আয়োজন কৰিছে। অভিযানৰ অংশ হিচাপে জিলা কাৰাগাৰত ৩১ জুলাই, বৃহস্পতিবাৰে এটা বিশেষ হেপাটাইটিছ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু প্ৰয়োজনীয় পৰৱৰ্তী ব্যৱস্থাপনা গ্ৰহণ কৰা হ’ব। তদুপৰি জিলাৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ চিকিৎসা গোটৰ জৰিয়তে হেপাটাইটিছ বি আৰু চিৰ বিনামূলীয়া পৰীক্ষা কৰা হ’ব।
গ্ৰাম্য অঞ্চলত VHSND প্লেটফৰ্মত আশা কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলে হেপাটাইটিছৰ লক্ষণ, সংক্ৰমণৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে ৰাইজক অৱগত কৰিব। জনসাধাৰণৰ মাজত বৃহৎ পৰিসৰত সজাগতা সৃষ্টিৰ বাবে PTV আৰু ভ্ৰাম্যমাণ চিকিৎসা গোটৰ জৰিয়তে জিলাৰ বিভিন্ন অঞ্চলত মাইকিং কৰা হ’ব। সামগ্ৰিকভাৱে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে “কোনো লোকেই যাতে হেপাটাইটিছৰ পৰীক্ষা আৰু চিকিৎসাৰ পৰা বঞ্চিত নহয়”- এই লক্ষ্যৰে জিলাখনত এক নিবিড় সজাগতা অভিযান চলাব।
উল্লেখযোগ্য যে, হেপাটাইটিছ এ, বি, চি, ডি আৰু ই ভাইৰাছৰ দ্বাৰা হয় যদিও হেপাটাইটিছ বি আৰু চি দীৰ্ঘম্যাদী যকৃতৰ ৰোগ আৰু যকৃতৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। সুৰক্ষিত পানী খোৱা, ব্যক্তিগত স্বচ্ছতা বজাই ৰখা, সুৰক্ষিত ৰক্ত সঞ্চালন, সুৰক্ষিত চিৰিঞ্জ ব্যৱহাৰ আৰু হেপাটাইটিছ বিৰ টিকাকৰণৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। কোনো লক্ষণ নাথাকিলেও পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়, কিয়নো আগতীয়া নিৰ্ণয় আৰু চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে, ডিব্ৰুগড় জিলাৰ সমূহ নাগৰিকক এই সপ্তাহজোৰা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু ওচৰ স্বাস্থ্য কেন্দ্ৰত নিজৰ পৰীক্ষা কৰাবলৈ জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে।
আজিৰ উদ্বোধনী অনুষ্ঠানত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া, মুখ্য কাৰ্যালয় ডাঃ স্মিতা গোহাঁই, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা সেৱা বিষয়া ডাঃ উৎপলা বৰুৱা, জিলা গণমাধ্যম বিশেষজ্ঞ ডেইজী গগৈ, আই ডি এছ পিৰ তথ্য ব্যৱস্থাপক মনীষা কলিতা, ডিব্ৰুগড় এছ ডিৰ এ বি পি এম বসন্ত বৰদলৈ, ডিব্ৰুগড় ইউ পি এইচ চিৰ কাৰ্যসূচী সহকাৰী তথা হিচাপৰক্ষক বিষ্ণু ভূছাল, জি এন এম শিক্ষাৰ্থীসকল আৰু ডিব্ৰুগড় নগৰ অঞ্চলৰ ৱাৰ্ড সমূহৰ এ এন এম সকল উপস্থিত থাকে।