উইম্বলডন: সহজ জয়েৰে ছেমিত আলকাৰাজ
অন্তিম চাৰিত ছিয়াটেক, বিদায় আন্দ্ৰিভাৰ
লণ্ডন:
শীর্ষ বাছনিপ্রাপ্ত ইগা ছিয়াটেকেপ্ৰথমবাৰৰ বাবে উইম্বলডনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। চলিত বছৰটোত তৃতীয়টো সন্মানীয় গ্ৰেণ্ডশ্লাম উইম্বলডনৰ মহিলা শাখাৰ ছিংগলছৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ তাৰকা খেলুৱৈ ছিয়াটেকে ১৯ সংখ্যক বাছনিৰ লুডমিলা ছামছ'ন'ভাক পৰাস্ত কৰি অন্তিম চাৰিত স্থান নিশ্চিত কৰে।এঘণ্টা ৪৯ মিনিটৰ মেচখনত ছিয়াটেকে ৰাছিয়াৰ খেলুৱৈগৰাকীক ৬-২, ৭-৫ ছেটত পৰাস্ত কৰে। উল্লেখ্য কিযে ইয়াৰ পূৰ্বে পোলেণ্ডৰ খেলুৱৈগৰাকীয়ে ২০২৩ চনৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কি ছেমিফাইনেলত ছিয়াটেকে ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনচিচৰে মুখামুখি হ'ব।
আজি অনুষ্ঠিত অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত বেনচিচে সপ্তম বাছনিপ্রাপ্ত মীৰা আন্দ্ৰিভাক সংগ্ৰামৰ মূৰত পৰাস্ত কৰি অন্তিম চাৰিত প্ৰৱেশ কৰে। উত্তেজনাপূর্ণ মেচখনত
বেনচিচে আন্দ্রিভাক ৭-৬ (৭-৩), ৭-৬ (৭-২) ছেটত পৰাস্ত কৰে।
ইফালে সহজ জয়েৰে পুৰুষ শাখাৰ ছিংগলছৰ অন্তিম চাৰিত প্ৰৱেশ কৰিছে দ্বিতীয় বাছনিপ্রাপ্ত স্পেইনৰ কার্লোছ আলকাৰাজে। মঙলবাৰে নিশা অনুষ্ঠিত একপক্ষীয় কোৱাৰ্টাৰ ফাইনেল মেচখনত আলকাৰাজে ব্রিটেইনৰ কেমেৰন ন’ৰিক ৬-২, ৬-৩, ৬-৩ ছেটত পৰাস্ত কৰে।ছেমিত আলকাৰাজে পঞ্চম বাছনিৰ আমেৰিকাৰ টেইলৰ ফ্রিটজৰে মুখামুখি হ’ব।
এঘণ্টা ৪৯ মিনিটৰ মেচখনত ছিয়াটেকে ৰাছিয়াৰ খেলুৱৈগৰাকীক ৬-২, ৭-৫ ছেটত পৰাস্ত কৰে। উল্লেখ্য কিযে ইয়াৰ পূৰ্বে পোলেণ্ডৰ খেলুৱৈগৰাকীয়ে
২০২৩ চনৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কি ছেমিফাইনেলত ছিয়াটেকে ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনচিচৰে মুখামুখি হ'ব।
