...

গোলকগঞ্জত জব্দ কাঠ ভৰ্তি বাহন

গোলকগঞ্জত জব্দ কাঠ ভৰ্তি বাহন

নিতৌ পশ্চিম বংগলৈ প্ৰেৰণ মূল্যবান কাঠ

নিৰৱ দৰ্শকৰ ভূমিকাত বন বিভাগ

ধুবুৰী,২৭ছেপ্টেম্বৰ:

ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বনাঞ্চল ধ্বংস কৰি অসাধু চক্ৰই নিশাৰ ভাগত গোলকগঞ্জ আৰু আগমনি আৰক্ষী থানা এলেকাৰে পশ্চিম বংগলৈ মূল্যবান কাঠৰ চোৰাং চালানৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে । মাজে সময়ে এখন দুখনকৈ ইঞ্জিন চালিত তিনি চকীয়া বাহন গোলকগঞ্জ আৰক্ষীয়ে জব্দ কৰাত দুদিনৰ বাবে বন্ধ হয় যদিওঁ পৰৱৰ্তী সময়ত আকৌ আৰম্ভ হয়। সন্ধিয়াৰ পাছৰে পৰা ওৰে নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ছাগলীয়া হৈ পশ্চিম বংগলৈ চোৰাং কাঠৰ অবৈধ সৰবৰাহ অব্যাহত থাকে। ধুবুৰী জিলা বন বিভাগৰ জ্ঞাতসাৰে কাঠসমূহ সৰবৰাহ হৈ আছে ফলত দেখিও নেদেখা কুলিৰ ভাও ধৰি বহি আছে সংশ্লিষ্ট কৰ্তৃপক্ষ । দল সংগঠনৰ অভিযোগ মতে, একাংশ বন বিভাগৰ লগত গোপন বুজাবুজিৰে অসাধু চক্ৰই বাসবাৰি, পৰ্বতঝোৰা, ৰূপচী আদি বনাঞ্চলৰ মূল্যবান অপৰিপক্ক কোমল গছবোৰ কাটি তহিলং কৰি আহিছে। এই গছৰ কুণ্ডাবোৰ নিশা বলেৰ পিক আপ ভানৰ লগতে ইঞ্জিন চালিত তিনি চকীয়া বাহনত ভৰ্তি কৰি গৌৰীপুৰ হৈ বালাজান, বিৰাট নগৰ চাৰীআলী, ৰতিয়াদাহ, আগমনি, হালাকুৰা আৰু ছাগলীয়া হৈ পশ্চিম বংগলৈ চালান কৰে। অসমৰ পৰা পশ্চিম বংগলৈ প্ৰেৰণৰ ক্ষেত্ৰত নেতৃত্ব লৈছে লোহাজানিৰ ফুলচান্দ, গড়েৰহাটৰ সহিদুৰ ইছলাম আৰু বাপ্পা, বিৰাট নগৰ চাৰিআলিৰ নাশিৰউদ্দিন আৰু গোলকগঞ্জ থানা এলেকাৰ তিনিজনকৈ সয়ম্ভু পৰ্টেলৰ সাংবাদিক । জানিব পৰা মতে, বাপ্পাৰ দায়িত্বত থকা ডব্লু বি ৫৭ ই ৫৫৮৫ নম্বৰৰ এখন বলেৰ পিক আপ ভান যোৱা নিশা মটেৰঝাৰ অঞ্চলত স্থানীয় ৰাইজে আটক কৰি প্রথমে মটেৰঝাৰ বন বিভাগক খবৰ দিয়ে। তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাত পৰৱৰ্তী সময়ত গোলকগঞ্জ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয় আৰু বাহন খন জব্দ কৰি থানালৈ নিয়ে। আনহাতে বাহন খনত থকা চালক ৰুপি সৰবৰাহকাৰী গড়েৰহাটৰ জিয়াৰুল হক বৰ্তমানে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰি ৰাখিছে। এতিয়া এই চক্ৰটোৰ বিৰুদ্ধে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীৰ লগতে দুয়োখন জিলাৰ বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *