চাইন অন ডেস্ক,২৭ছেপ্তেম্বৰ: ২৭ ছেপ্টেম্বৰ
ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাসত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপন কৰা এক বিশুদ্ধ খোৱাপানীৰ বহুমুখী প্রকল্প ২৬ ছেপ্টেম্বৰৰ সন্ধ্যা মুকলি কৰা হয়। প্ৰকল্পটো মুকলি কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই। প্ৰকল্পটো মুকলি কৰি অধ্যক্ষ ড° শইকীয়াই কয়— প্ৰায় সোতৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ বিধস্ত প্রায় অৱস্থাত থকা ছাত্ৰাৱাসটো ২০১৭ চনত মুকলি কৰা হয়। অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনত যোগদান কৰিয়ে ছাত্ৰাৱাসটো মুকলি কৰাৰ সিদ্ধান্ত লৈছিল বুলি উল্লেখ কৰি তেওঁ কয়— মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ডিম্বেশ্বৰ চলিহাৰ পৰিয়ালৰ সহযোগত ছাত্ৰাৱাসটো উন্নত কৰাই আৱাসীৰ বাবে বসবাসৰ উপযোগী কৰি গঢ়ি তুলি ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাস নামেৰে নামাকৰণ কৰা হয় ৷ বিধস্তপ্ৰায়, জৰাজীৰ্ণ হৈ থকা ছাত্ৰাৱাসটো পুনৰ মুকলি কৰাৰ পিছত অনেক সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অৱস্থাত ইটোৰ পিছত সিটো সমস্যা সমাধান কৰিবলৈ পৰিচালনা সমিতিকে ধৰি মহাবিদ্যালয়খনৰ পৰিয়ালে চেষ্টা কৰি আহিছিল। দীৰ্ঘদিন ধৰি ছাত্ৰাৱাসৰ আৱাসীসকলে বিশুদ্ধ খোৱাপানীৰ অভাৱ অনুভৱ কৰি অহাৰ পিছত ২৬ ছেপ্টেম্বৰত সেই দীৰ্ঘদিনীয়া সমস্যা সমাধান হয় বুলি কয়। প্ৰকল্পটো যোগান ধৰাৰ বাবে জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ অন্যতম মধ্যমণি শিক্ষাশিৰোমণি জ্যোতি প্ৰসাদ কানৈক অধ্যক্ষগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফাউণ্ডেশ্যনৰ সকলো কর্মকর্তাক কৃতজ্ঞতা জ্ঞাপন কৰে। অধ্যক্ষগৰাকীয়ে কেৱল ছাত্ৰাৱাসেই নহয়, মহাবিদ্যালয়খনৰ ছাত্ৰীনিৱাসৰ লগতে অন্যান্য সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত জ্যোতি প্ৰসাদ কানৈয়ে লোৱা ভূমিকাক ভূয়সী প্রশংসা কৰে। অনুষ্ঠানত জ্যোতি প্ৰসাদ কানৈয়ে অধ্যক্ষৰ অনুৰোধ ৰক্ষা কৰি পানী যোগান প্ৰকল্পটো স্থাপন কৰা হয় বুলি উল্লেখ কৰি এই প্ৰকল্পটোৱে আৱাসীসকলৰ খোৱাপানীৰ সমস্যা আঁতৰ কৰিলে বুলি কয়। প্রকল্প মুকলি অনুষ্ঠানত কানৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° লখিৰাম শইকীয়া, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সদস্য অভিমন্যু বৰুৱা, পৰিচালনা সমিতিৰ সদস্য ড° গোপাল চন্দ্ৰ হাজৰিকা, ছাত্ৰাৱাসৰ অধীক্ষক অধ্যাপক ড° বিৰাজ দত্তকে প্ৰমুখ্য কৰি ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰাৱাসৰ আৱাসীসকল উপস্থিত থাকে। উল্লেখ্য যে ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাস নামেৰে জনপ্ৰিয় হোৱা ছাত্ৰাৱাসত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ উপৰিও বিহাৰ, উৰিষ্যা, অৰুণাচল প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ শিক্ষার্থীও আছে। প্রকল্প উদ্বোধন কৰাৰ পিছত আৱাসীসকলে দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান কৰাৰ বাবে অধ্যক্ষ ড° শশীকান্ত শইকীয়া আৰু বিশিষ্ট সমাজকর্মী জ্যোতি প্ৰসাদ কানৈক ধন্যবাদ জ্ঞাপন কৰে ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.