ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক বঁটা অনুষ্ঠান সফলতাৰে সম্পন্ন
চাইন অন ডেস্ক, ২৮ছেপ্টেম্বৰ:
শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক বঁটা অনুষ্ঠানটি যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। জালান আউটডৰ ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল বুটলিবলৈ সক্ষম হোৱা এথলেটিকছ, বেডমিণ্টন, টেবুল টেনিছ, ক্ৰিকেট, বক্সিং, ভলীবল আৰু ফুটবল বিভাগৰ ২০০ গৰাকী খেলুৱৈৰ লগতে প্ৰশিক্ষকক বঁটা প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ক্ৰীড়া সংগঠক ধীৰেন্দ্ৰনাথ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন
সঞ্চালক প্ৰাঞ্জল চাংমাই, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অনুপ জ্যোতি ভৰালী, ডিব্ৰু মহাবিদ্যালয় অধ্যক্ষ ডঃ ৰঞ্জন চাংমাই, তিনিচুকীয়া মেডিকেল কলেজৰ অধীক্ষক ডাক্তৰ মুকুল শৰ্মা, অসম চিকিৎসা মহাবিদ্যালয়লৰ অধীক্ষক ডাক্তৰ ধ্ৰুবজ্যোতি ভূঞা, অসম চিকিৎসা মহাবিদ্যালয়লৰ নিউৰচাৰ্জাৰী বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ ধ্ৰুবজ্যোতি কুৰ্মী, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া, কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, উপ
সভাপতি ত্ৰয় ক্ৰমে – সঞ্জয় জৈন,ডাক্তৰ ভাস্কৰ গগৈ আৰু ইমদাদ আহমেদকে প্ৰমুখ্য কৰি জিলা ক্ৰীড়া সন্থাৰ অন্যান্য বিষয়ববীয়া সকলে খেলুৱৈ সকলক বঁটা প্ৰদান কৰে। ইয়াৰোপৰি, ক্ৰীড়াৰ ক্ষেত্ৰখনত সংগঠক হিচাপে উল্লেখনীয় বৰঙণি আগবঢ়াই অহা হিজাম বীৰেন সিংক ” জীৱনজোৰা সাধনা বঁটা” ৰে সন্মানিত কৰাৰ উপৰিও ২১ হেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰোপৰি, বক্সিং বিভাগৰ প্ৰশিক্ষক ইনামূল হুছেইন আৰু বেডমিণ্টন বিভাগৰ প্ৰশিক্ষক নৰিন্দ্ৰ সিঙক শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰা হয়। আনহাতে, এই অনুষ্ঠানতে জিম্বাবুৱে ভ্ৰমণলৈ যোৱা ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ লগত মেনেজাৰ হিচাপে যোৱা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয়। বঁটা
বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ধীৰেন্দ্ৰনাথ বৰুৱাই খেলুৱৈ সকলক উৎশাসিত কৰাৰ বাবে জিলা ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে লোৱা এই পদক্ষেপক শলাগ লয়। এই আনুষ্ঠানিক স্বীকৃতিয়ে খেলুৱৈ সকলক ভৱিষ্যতৰ দিনত আৰু উৎসাহেৰে খেলপথাৰত
অৱতীৰ্ণ হব বুলি তেখেতে মত পোষণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই আৰু সভাপতি নিৰঞ্জন শইকীয়াই জিলা ক্ৰীড়া সন্থাৰ আগন্তুক দিনবোৰত লবলগীয়া পদক্ষেপ সমূহৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই আৰু মনোহাৰী দেৱী কানৈ কলেজৰ অধ্যক্ষ ডঃ অনুপ জ্যোতি ভৰালীয়ে খেলুৱৈ সকলৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। বঁটা বিতৰণী অনুষ্ঠানটো আঁত ধৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় সহায়িকা লুপী ফুকনে।