...

চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

এজনক গ্ৰেপ্তাৰ,নথিপত্ৰ জব্দ

নগৰবেৰা,২৮ছেপ্তেম্বৰ:

নগৰবেৰাৰ টুপামাৰীত যোৱানিশা পুনৰ চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে।টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং টুপামাৰী গাঁৱৰ মাছুদ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে বেংক পাছবুক, এটিএম-কার্ড আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাসৰ নেতৃত্বত চলে আৰক্ষীৰ এই অভিযান।স্মৰ্ত্তব্য যে টুপামাৰী অঞ্চলত কিছুদিনৰে পৰা আৰক্ষীয়ে চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে য’ত ইজনৰ পাছত সিজনকৈ চাইবাৰ প্ৰৱঞ্চকক জাঁলত পেলাবলৈ সক্ষম হৈছে আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *