...

ত্ৰৰ চুৰি কাণ্ডৰ লগত জড়িত তিনি চোৰ, দুই ব্যৱসায়ীক আটক

সত্ৰৰ চুৰি কাণ্ডৰ লগত জড়িত তিনি চোৰ, দুই ব্যৱসায়ীক আটক

চুৰি সামগ্ৰী সমুহ উদ্ধাৰ

সৰুপেটা,১১জুলাই:

ভৱানীপুৰৰ সমীপৰ বাংলীপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী মদনমোহন গোঁসাই থান সত্ৰত যোৱা সাত জুলাইৰ নিশা সংঘটিত চুৰি কাণ্ডৰে জড়িত তিনিগৰাকী চোৰক কালি নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আজি ভৱানীপুৰ আৰক্ষী চকীত আয়োজিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে যে , ৭ জুলাইত সংঘটিত চুৰি কাণ্ডৰ পিছতে থান সত্ৰখনৰ পৰিচালনা সমিতিৰ পক্ষৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোপনে চলোৱা অনুসন্ধানৰ ভিত্তিত কালি নিশা সৰুপেটাৰ সমীপৰ বাটোৱা গাঁৱৰ ৰাজ্জাক আলী(৪৭) আৰু শ্বহৰউদ্দিন(৪৫)ৰ লগতে বৰপেটা জিলাৰ কয়াকুছিৰ ভৌকামাৰী গাঁৱৰ দিলবৰ আলী(৩৭)ক তেওঁলোকৰ নিজ নিজ ঘৰৰ পৰা আটক কৰাৰ কথা জানিবলৈ দিয়ে। আনহাতে ঘটনাৰে জড়িত বৰপেটা জিলাৰ কলগাছিয়াৰ বালাই পথাৰৰ কাঁহ-পিতলৰ ব্যৱসায়ী হজৰত আলী আৰু ৰাশ্বিদুল ইছলামকো নামৰ আটক কৰাৰ কথা জানিবলৈ দিছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।আনহাতে চুৰি কাৰ্য সংঘটিত কৰাৰ আগেয়ে নিজকে সুৰক্ষিত কৰাৰ উদ্দেশ্যে ঘটনাৰ চিন চাব নোহোৱা কৰাৰ উদ্দেশ্যে থান সত্ৰ চৌহদত স্থাপিত কেইবাটাও চি চি টিভি কেমেৰা চোৰ কেইটাই ভাঙি নষ্ট কৰি পেলোৱাৰ লগতে ঘটনাৱলীৰ দৃশ্য সংৰক্ষিত কৰি ৰখা ডি ভি আৰ(ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ)টোও চোৰ কেইটাই পানীত পেলাই দিয়া বুলি জানিবলৈ দিয়ে বজালী জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।তৎসত্ত্বেও বিভিন্ন কৌশলেৰে চুৰি কাণ্ডৰ তথ্যসমূহ সংগ্ৰহৰ পিছত তেওঁলোকে চুৰি কাৰ্যৰে জড়িতসকলক আটক কৰা অভিযানত নামি পৰাৰ কথা জানিবলৈ দিয়ে।আনহাতে পিতা-পুত্ৰ দুই ব্যৱসায়ীয়ে ক্ৰয় কৰা সামগ্ৰীসমূহ বৰপেটাৰোডৰ শিমলাগুৰীৰ কাঁহ-পিতলৰ ব্যৱসায়ী ৰিপন চন্দ্ৰ পালৰ ওচৰত বিক্ৰী কৰিছিল বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।অৱশ্যে ৰিপন চন্দ্ৰ পাল নামৰ ব্যৱসায়ী গৰাকী এতিয়াও পলাতক অৱস্থাত থকাৰ কথা জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *