...

টিংখাঙত লক্ষাধিক লোকৰ অংশ গ্ৰহণেৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত

Spread the love

টিংখাঙত লক্ষাধিক লোকৰ অংশ গ্ৰহণেৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত

২৩ নৱেম্বৰত টাই আহোমৰ বৃহৎ জোঁৰ সমদলৰ প্ৰস্তুতি

চাইন অন ডেস্ক:

 

 

 

ৰাজ্যখনৰ টাই আহোম,মৰাণ,মটক,চুতীয়া,কোঁচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবীত প্ৰৱল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।ডিব্ৰুগড় জিলাৰ টাই আহোম জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান টিংখাং বিধান সভা সমষ্টিত ২৩ নৱেম্বৰত এক বৃহৎ জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।অঞ্চলটোৰ প্ৰধান ৰাজগড়ত দুই নৱেম্বৰত টাই আহোম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অঞ্চলটোৰ ঔগুৰি ৰাজহুৱা খেলপথাৰৰ পৰা জোঁৰ সমদলৰ কাৰ্যসূচী আৰম্ভ হ’ব।টিংখাং অঞ্চলৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত যুৱনেতা মণ্টু দিহিঙীয়াই উদেশ্য ব্যাখ্যা কৰা সভাখনত সমাজকৰ্মী ভূপেন গগৈ,হেমন্ত কোঁৱৰ,ভাস্কৰজ্যোতি বৰুৱা,সুজিৎ চাংমাই,যোগেশ কোঁৱৰ,চিত্ৰ ৰঞ্জন দিহিঙীয়া,পল্লৱ দুৱৰা,উদ্দীপ্ত বৰগোঁহাই,লাচিত ফুকন,নিৰঞ্জন গন্ধীয়া,কন্দৰ্প দিহিঙীয়া,ৰিণ্টু বৰুৱা,সঞ্জীৱ লিগিৰা,বিদ্যুৎ গগৈ,দিব্য গগৈ প্ৰমুখ্যে স্থানীয় বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰি টাই আহোমৰ জনজাতিকৰণ স্বীকৃতি আৰু স্বায়ত্ব শাসন ওপৰত আলোচনা কৰি চৰকাৰক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনোৱাৰ সপক্ষে মতামত আগবঢ়ায়।এই সভাখনত জনজাতিকৰণ স্বীকৃতি আৰু স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এখন শক্তিশালী আহ্বায়ক সমিতি গঠন কৰে।কাৰ্যসূচী সফল কৰি তুলিবলৈ অঞ্চলটোৰ সকলোবোৰ টাই আহোম সংগঠন একত্ৰিত হৈ ব্যাপক প্ৰস্তুুতি চলোৱা পৰিলক্ষিত হৈছে।জোঁৰ সমদল কাৰ্যসূচীত টিংখাঙৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহৰ পৰা লক্ষাধিক লোকৰ অংশ গ্ৰহণ কৰোৱাৰ বাবে সমিতিখনে সংকল্প লৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *