...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চীফ মিনিষ্টাৰ ফ্লাইট প্রকল্পৰ অন্তৰ্গত জাপানী ভাষাৰ প্ৰশিক্ষণ আৰম্ভ

Spread the love

 

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চীফ মিনিষ্টাৰ ফ্লাইট প্রকল্পৰ অন্তৰ্গত জাপানী ভাষাৰ প্ৰশিক্ষণ আৰম্ভ

 

 

জাপানী ভিত্তিক কোম্পানীবোৰত ১০০ শতাংশ প্লেচমেণ্টৰ সম্ভাৱনা

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মিৰাই জাপানীজ লাৰ্ণিং চেন্টাৰৰ সৈতে সহ-যোগিতাত ২০২৫-২৬ চনৰ বাবে অসম চীফ মিনিষ্টাৰ্ছ ফৰেইন লেনগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেন্ট (চিএম-ফ্লাইট) প্রকল্পৰ অন্তৰ্গত নামভৰ্তি কৰা ৩৫ গৰাকী শিক্ষাৰ্থীৰ প্রথম ব্যটচটোৰ জাপানী ভাষাৰ প্ৰশিক্ষণ কালি আৰম্ভ কৰে। জাপানৰ মূলতঃ বিশ্বব্যাপী চাকৰিৰ সুযোগৰ বাবে অসমীয়া যুৱক-যুৱতীসকলক প্ৰস্তুত কৰাত এই পদক্ষেপটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে।যোৱা
১৩ ছেপ্টেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মিৰাই জাপানীজ লাৰ্ণিং চেন্টাৰৰ মাজত স্বাক্ষৰিত এক চুক্তিৰ জৰিয়তে এই সহ-যোগিতা কাৰ্যকৰী কৰা হয়।জাপানী ভাষী বজাৰসমূহত দিনকদিনে বাঢ়ি অহা চাহিদা পূৰণ কৰিবলৈ আৰু শিক্ষাৰ্থীসকলক সক্ষম কৰাবলৈ জাপানী ভাষাৰ কোৰ্ছ আৰম্ভ কৰাই এই অভিযানৰ লক্ষ্য।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জীতেন হাজৰিকাই কয়, “মিৰাইৰ সৈতে এই সহ-যোগিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, আমাৰ শিক্ষাৰ্থীসকলক বিশ্বমানৰ সুযোগ-সুবিধা আৰু শিক্ষা প্ৰদানৰ আমাৰ অংগীকাৰত আগবাঢ়ি অহা এক পদক্ষেপ।”
চিএম-ফ্লাইট প্রকল্পটো হৈছে অসম চৰকাৰৰ এক অভিলক্ষিত আঁচনি যিয়ে বিদেশী ভাষা আৰু দক্ষতাৰ প্ৰশিক্ষণৰ জৰিয়তে যুৱক-যুৱতীসকলক বিদেশত চাকৰিৰ বাবে প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছে। পাইলট কাৰ্য্যক্ৰমটোত জাপানৰ ওপৰত গুৰুত্ব আৰোপ কৰি জাপানৰ বিশেষ দক্ষ কৰ্মী ভিছা কাৰ্য্যক্ৰমৰ অধীনত জাপানী ভাষাৰ প্ৰশিক্ষণ আৰু চাকৰি স্থাপনৰ সহায় প্ৰদান কৰা হৈছে। এই প্রকল্পটোৱে জাপানত উচ্চ চাহিদা থকা ক্ষেত্ৰসমূহক লক্ষ্য কৰি লোৱা হৈছে।য’ত অন্তৰ্ভুক্ত হৈছে নির্মাণ, নাৰ্চিং কেয়াৰ, খাদ্য সেৱা, আতিথ্য, স্বাস্থ্য সেৱা, উৎপাদন, আৰু খাদ্য প্ৰক্ৰিয়াকৰণ।মিৰাইৰ এক প্ৰতিনিধিয়ে কয়, “আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ বাবে এটা প্ৰত্যক্ষ পথ সৃষ্টি কৰা, কেৱল ভাষা শিকাৰ লগতে বিভিন্ন ক্ষেত্ৰত চাকৰি নিশ্চিত কৰা। জাপানী ভাষা শিকাৰ জৰিয়তে শিক্ষাৰ্থীসকলে জাপানৰ সমৃদ্ধ সংস্কৃতিৰ বিষয়ে এক গভীৰ জ্ঞান লাভ কৰিব, যাৰ ফলত আন্তঃ-সাংস্কৃতিক সহ-যোগিতা উন্নত হ’ব। জাপানে সক্ৰিয়ভাৱে দক্ষ পেছাদাৰীসকলক বিচৰাৰ লগতে, এই পদক্ষেপই অসমৰ শিক্ষাৰ্থীসকলৰ নিযুক্তিৰ সম্ভাৱনা বহুলাংশে বৃদ্ধি কৰিব।”
এই প্রকল্পটোৰ বাবেই, চৰকাৰে উল্লেখযোগ্য প্ৰশিক্ষণ খৰচ বহন কৰাৰ লগতে পোষ্ট-প্লেচমেণ্ট স্থানান্তৰ আৰু ভিছা প্ৰক্ৰিয়াকৰণৰ বাবে অতিৰিক্ত সহায়ো আগবঢ়াব।যোগ্য হ’বলৈ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বয়স ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব, চিকিৎসাগতভাৱে সুস্থ হ’ব লাগিব আৰু প্ৰাসংগিক দক্ষতা আৰু শিক্ষাগত অৰ্হতা থাকিব লাগিব।মিৰাই জাপানীজ লাৰ্ণিং চেন্টাৰ, ইয়াৰ ব্যাপক ভাষা কাৰ্য্যক্ৰমৰ বাবে পৰিচিত, জাপানী ভিত্তিক কোম্পানীবোৰত ১০০ শতাংশ প্লেচমেণ্টৰ সম্ভাৱনা নিশ্চিতকৰণৰ জৰিয়তে এক অনন্য সুবিধা প্ৰদান কৰিব, যাৰ ফলত শিক্ষাৰ্থীসকলে বিদেশত উচ্চ দৰমহাৰ স্থান লাভত এক প্ৰতিযোগিতামূলক সুবিধা লাভ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।আনহাতে এনেধৰণৰ পদক্ষেপৰ ফলত ভাৰত-জাপানৰ সহ-যোগিতা শক্তিশালী কৰাৰ লগতে দক্ষতাৰ হস্তান্তৰৰ জৰিয়তে অসমৰ অৰ্থনীতিক শক্তিশালী কৰিব আৰু পৰৱৰ্তী পৰ্য্যায়সমূহত অন্যান্য দেশ আৰু ভাষালৈ সম্প্ৰসাৰিত হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ বজাৰত ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন দিগন্তৰ সূচনা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *