প্রধানমন্ত্রী মোদীৰ দূৰদৰ্শী নেতৃত্বত এনডিএ চৰকাৰে সফলতাৰে সুশাসন আৰু সমৃদ্ধিৰ ১২টা বছৰ সম্পূৰ্ণ
কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালৰ সংবাদ মেল
চাইন অন ডেস্ক,১২জুন:

ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে, যিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক স্পৰ্শ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বত এই ১২ বছৰ হৈছে বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ ১২ বছৰ। এইখন কেৱল শ্লোগানৰ চৰকাৰ নহয়; এইখন ফলপ্রসূ কার্য-সম্পাদনৰ চৰকাৰ৷ বিগত বছৰকেইটাত ২৫ কোটিতকৈ অধিক লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা হৈছে, কোটি কোটি পৰিয়ালে পকী ঘৰ, শৌচাগাৰ, ৰন্ধন গেছৰ সংযোগ, নলযোগে বিশুদ্ধ পানী, বিনামূলীয়া ৰেচন, বেংক একাউন্ট আৰু স্বাস্থ্য সুৰক্ষাৰ সুবিধা লাভ কৰিছে। আর্থিকভাৱে পিছপৰা, মহিলা, কৃষক, যুৱক-যুৱতী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে শাসন ব্যৱস্থা ফাইলৰ মাজৰ পৰা উলিয়াই আনি তেওঁলোকৰ ঘৰ আৰু বেংক একাউন্টলৈ পোনপটীয়াকৈ উপলভ্য কৰা হৈছে। প্রধানমন্ত্রীৰ নেতৃত্বত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে শাসন ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা সুদৃঢ় হোৱা। আগতে কল্যাণমূলক আঁচনিৰ ধন অবাধ দুর্নীতি, কেলেংকাৰীৰ বাবে সাধাৰণ জনতাৰ কোনো কল্যাণত ব্যৱহাৰ হোৱা নাছিল। কিন্তু এতিয়া জন ধন যোজনা, আধাৰ, মোবাইল আৰু ডি বি টি-ৰ জৰিয়তে সুবিধাসমূহ পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিছে। ডি বি টি-ৰ জৰিয়তে ৫১ লাখ কোটি টকাতকৈ অধিক ধন হিতাধিকাৰীক পোনপটীয়াকৈ প্ৰদান কৰা হৈছে, যিয়ে প্রমাণ কৰিছে যে প্রযুক্তিয়ে কেনেদৰে মধ্যভোগী আৰু দুর্নীতি আঁতৰাই পেলাইছে। আর্থিক স্বচ্ছতা নতুন ভাৰতৰ নতুন ভেটি হৈ পৰিছে। ভাৰতৰ কৰ ব্যৱস্থাতো অভূতপূর্ব ৰূপান্তৰ সাধন কৰা হৈছে। জি এছ টিয়ে ‘এক দেশ, এক বজাৰ’ৰ ধাৰণা বাস্তৱায়িত কৰি অর্থনীতিক শক্তিশালী কৰিছে। জি এছ টি সংগ্রহ ২২ লাখ কোটি টকা অতিক্রম কৰাটো আমাৰ অৰ্থনীতিৰ বৰ্ধিত শক্তি আৰু কৰদাতাসকলৰ আস্থাৰ প্ৰতিফলন। প্রত্যক্ষ কৰ সংগ্ৰহেও অভিলেখ সৃষ্টি কৰিছে, আনহাতে আয়কৰৰ কৰমুক্ত সীমা ২ লাখ টকাৰ পৰা ১২.৭৫ লাখ টকালৈ বৃদ্ধি কৰাৰ ফলত মধ্যবিত্ত শ্রেণীয়ে যথেষ্ট সকাহ লাভ কৰিছে। আজি কৰ সংগ্ৰহক বোজা হিচাপে নহয়, আস্থাৰ কাহিনী হিচাপে দেখা যায়, কাৰণ জনসাধাৰণে নিজৰ ধন পুনৰ উন্নত পথ, চিকিৎসালয়, কল্যাণমূলক আঁচনি আৰু আন্তঃগাঁথনিৰ ৰূপত ঘূৰি অহা দেখিবলৈ পাইছে।”


অসমৰ অভূতপূৰ্ব ৰূপান্তৰৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মোদী চৰকাৰৰ নতুন দৃষ্টিভংগীৰ অন্যতম বৃহৎ লাভালাভকাৰী হৈছে
অসম। উগ্রপন্থী, চান্দাবাজী, হত্যা-হিংসা আৰু ভয়ৰ যুগৰ অৱসান ঘটিছে আৰু আজি অসম শান্তি, বিনিয়োগ আৰু সুযোগ-সম্ভাৱনাৰ নতুন প্রতীক হিচাপে পৰিগণিত হৈছে। ১০,০০০তকৈও অধিক উগ্রপন্থীয়ে আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। অসমত উন্নয়নৰ সমান্তৰালকৈ পৰিচয় আৰু স্বকীয়তাৰ প্ৰতিও সন্মানো সুনিশ্চিত কৰা হৈছে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন প্ৰদান কৰি অসমৰ কণ্ঠস্বৰক ৰাষ্ট্ৰীয় সন্মান জনোৱা হৈছে। মহাবীৰ লাচিত বৰফুকনলৈ ৰাষ্ট্ৰীয় স্বীকৃতিয়ে ভাৰতবাসীক অসমৰ অতুলনীয় সভ্যতাগত সাহসৰ কথা স্মৰণ কৰাইছে। চৰাইদেউ মৈদামে বিশ্ব স্বীকৃতি লাভ কৰাত অসমৰ ঐতিহ্য বিশ্ব মঞ্চত উজলি উঠিছে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো প্ৰতিজন অসমীয়াৰ বাবে এক ঐতিহাসিক গৌৰৱৰ মুহূর্ত। প্রধানমন্ত্রী মোদী ডাঙৰীয়াই অসমৰ সাংস্কৃতিক প্রতীকসমূহকো বিশ্বমঞ্চত উজলাই তুলিছে। প্রতিজন অসমীয়াৰ গৌৰৱ গামোচাক তেখেতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৌৰৱেৰে বহন কৰিছে। ঝুমুৰ আৰু বাগুৰুম্বাই আমাৰ চাহ জনগোষ্ঠী, জনজাতীয় আৰু খিলঞ্জীয়া সমাজৰ জীৱন্ত সাংস্কৃতিক শক্তিক প্রতিনিধিত্ব কৰে আৰু আজি এই সাংস্কৃতিক শক্তিয়ে প্রাপ্য সম্মান লাভ কৰিছে৷আনহাতে ডিব্ৰুগড়ৰ উন্নয়ন সন্দৰ্ভত সোণোৱালে উল্লেখ কৰি কয়–ডিব্ৰুগড় সদায়েই চাহ, তেল, উদ্যোগ, সংস্কৃতি আৰু নদীপথ সংযোগৰ এক প্রাণকেন্দ্ৰ হিচাপে পৰিচিত। বগীবিল সেতুৱে বহু প্রতীক্ষাৰ অৱসান ঘটাই ডিব্ৰুগড় আৰু ধেমাজিৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান সলনি কৰি দিছে৷ ই বজাৰ, চিকিৎসা, শিক্ষা আৰু উন্নত সুযোগসমূহক সংযুক্ত কৰিছে৷ ডিব্ৰুগড়ৰ নদীপথৰ ঐতিহ্যও পুনৰুজ্জীৱিত কৰা হৈছে। ঔপনিৱেশিক যুগত ডিব্ৰুগড় পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ নদী বন্দৰ আছিল, যাৰ জৰিয়তে চাহ, কয়লা আৰু কাঠ ব্ৰহ্মপুত্ৰৰ জলপথেৰে বিশ্ব বজাৰলৈ প্ৰেৰণ কৰা হৈছিল। প্রধানমন্ত্রীৰ নেতৃত্বত আমি অভ্যন্তৰীণ জলপথ, টার্মিনেল, কাষ্টমছ আৰু ইমিগ্ৰেচন সুবিধা, নদী পর্যটন, পণ্য পৰিবহণ আৰু সামুদ্রিক দক্ষতা বিকাশৰ জৰিয়তে সেই ঐতিহ্যক পুনৰ উদ্ধাৰ কৰি আছোঁ। অসমৰ চাহ বাগিচাৰ পৰিয়ালসমূহৰ বাবে মোদী ডাঙৰীয়াৰ অভিলাষী আঁচনিসমূহৰ কল্যাণ দৈনন্দিন জীৱনত স্পষ্টভাৱে দৃশ্যমান হৈছে– জন ধন যোজনা, ডি বি টি, শৌচাগাৰ, ৰন্ধন গেছ, নলযোগে পানী যোগান, ৰেচন, বাসগৃহ, স্বাস্থ্যসেৱা আৰু যুৱসমাজৰ বাবে সুযোগ বৃদ্ধিয়ে সৰ্বস্তৰৰ ৰাইজৰ মাজত আমাৰ সঞ্চাৰ কৰিছে৷ অসমৰ খিলঞ্জীয়া জনজাতীয় সমাজৰ এজন সদস্য হিচাপে মই গৌৰৱেৰে ক’ব পাৰোঁ যে প্রধানমন্ত্রী মোদীয়ে জনজাতীয় গৌৰৱ দিৱস, জনজাতীয় কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি জনজাতীয় গৌৰৱক ৰাষ্ট্ৰীয় মর্যাদা প্রদান কৰিছে। এই ১২ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী দৃষ্টিভংগীৰে ভাৰতক দ্বিধাগ্রস্ততাৰ পৰা আত্মবিশ্বাসলৈ, উত্তৰ-পূৰ্বাঞ্চলক অৱহেলাৰ পৰা অগ্রাধিকাৰলৈ আৰু অসমক বিচ্ছিন্নতাৰ পৰা সুযোগৰ দিশলৈ ৰূপান্তৰিত কৰিছে৷ আজি আমি গৌৰৱেৰে ক’ব পাৰোঁ যে মোদী চৰকাৰৰ ১২ বছৰ
মানেই এখন শক্তিশালী ভাৰত, এখন সমৃদ্ধিশালী ভাৰত, এক সংযুক্ত উত্তৰ-পূৰ্বাঞ্চল আৰু এখন বিকশিত আৰু আত্মবিশ্বাসী অসম। এয়েই ২০৪৭চনৰ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভেটি।অনুষ্ঠানত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, ৰামেশ্বৰ তেলী, বিধায়কসকল- তৰংগ গগৈ, চক্ৰধৰ গগৈ ডাঙৰীয়া, ডিব্ৰুগড় জিলা পৰিষদৰ পুষ্পাঞ্জলি সোণোৱাল, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱা, ৰাজ্যিক অ’বিচি মৰ্চাৰ সভাপতি সুভাষ দত্ত, জিলাৰ সহ-প্ৰভাৰী লক্ষ্মীনাথ তাছা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, প্রাক্তন জিলা সভাপতি উজ্জ্বল কাশ্যপ, জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।