...

লেঙেৰীত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

লেঙেৰীত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

চাইন অন ডেস্ক,১৩জুনঃ

সোনোৱাল কছাৰী জনজাতিৰ অন্যতম সংগঠন ‘সোনোৱাল কছাৰী জাতীয় পৰিষদ’ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ লেঙেৰীৰ বগৰীগুৰি বৰবাম ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সংগঠনটোৰ মূল পতাকা উত্তোলন কৰে সভাপতি তথা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে৷ সমান্তৰালভাৱে সংগঠনটোৰ ৩১ খন পতাকা উত্তোলন কৰে সংগঠনটোৰ বিষয়ববীয়া সকলৰ লগতে সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ মুখ্য সচিব ভক্তি প্ৰসাদ সোনোৱাল, বামুনবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি শাৰংগ বকলিয়াল, অভ্যৰ্থনা সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সম্পাদক ক্ৰমে দিব্যজ্যোতি সোনোৱাল, দিপান্ত সোনোৱাল, প্ৰশান্ত সোনোৱালৰ লগতে জিলা সমিতিৰ সচিব ভূৱন সোনোৱাল, বামুনবাৰী আঞ্চলিক সমিতিৰ সভাপতি দিনেশ শইকীয়া, সচিব ফিৰোজ বড়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ ইয়াৰ পিছতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ উপস্থিতিত স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে সচিব প্ৰধান চন্দন সোনোৱালে৷ আনহাতে জনজাতিটোৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ’ৰ প্ৰতীকৰ সন্মুখত চাৰিমুখীয়া বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গকুল বড়াই৷ ইয়াৰ পিছতে মঞ্চ মুকলি কৰে বগৰীবাৰী বৰবাম লেছেৰী দেল৷ টংকেশ্বৰ সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে সচিব প্ৰধান চন্দন সোনোৱালে৷ মুকলি সভাত জনজাতিটোৰ সমগোত্ৰীয় সংগঠন সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সোনোৱাল কছাৰী সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক মহানন্দ সোনোৱাল, লেঙেৰী জিলা পৰিষদৰ সদস্য প্ৰশান্ত বড়া, মাহেকীয়া ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা আৰু সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি তৰুণ কছাৰী আদিয়ে সংগঠনটোৰ প্ৰতি শুভেচ্চাজ্ঞাপক বক্তব্য আগবঢ়োৱাৰ লগতে সংগঠনটোৱে পৰৱৰ্তী দিনত বাট বুলিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ সভাপতিৰ ভাষণত টংকেশ্বৰ সোনোৱালে সকলো ৰাইজকে সংগঠনটোক সহযোগিতা কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে জনজাতিটোৰ স্বাৰ্থত কাম কৰি যাবৰ বাবে সংগঠনটোৰ প্ৰতিগৰাকী সদস্য আৰু বিষয়ববীয়াক সংকল্প গ্ৰহণৰ আহ্বান জনায়৷ সভাত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে সোনোৱাল স্বায়ত্তশাসিত পৰিষদৰ বহুকেইগৰাকী কাৰ্যবাহী আৰু সাধাৰণ সদস্য উপস্থিত থাকে৷ স্থানীয় পাঁচ শতাধিক লোক উপস্থিত থাকে৷ সংগঠনটোৰ সাংগঠনিক সম্পাদক ধৰ্মানন্দ সোনোৱালে শলাগ জ্ঞাপন কৰা সভাত ঘুগুলনি বৰবাম গাঁৱৰ লগ বিহু, চহৰীকটীৰ টেপৰগুৰি ক্ষত্ৰিয় শাল একাডেমীৰ দ্বাৰা লেছেৰী প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে সংগঠনটোৰ সচিব প্ৰধান চন্দন সোনোৱালে৷ সাংস্কৃতিক কাৰ্যসূচীত শিল্পী তপন হাজৰিকা আৰু এনিশা গগৈয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *