ডিব্ৰুগড়ৰ ডিব্ৰু স্প’ৰ্টছৰ স্বত্বাধিকাৰী বিশিষ্ট ব্যৱসায়ী মুহিদুৰ ৰহমানৰ মৃত্যু
চাইন অন ডেস্ক,১৩জুন:
ডিব্ৰুগড়ৰ পাঁচআলি নিবাসী, বিশিষ্ট ব্যৱসায়ী , ডিব্ৰু স্প’ৰ্টছ মাৰ্টৰ স্বত্বাধিকাৰী মুহিদুৰ ৰহমান কিছুদিন ৰোগাক্ৰান্ত হৈ থাকি কালি সন্ধিয়া ৫৭ বছৰ বয়সত মৃত্যু হয়। সকলোৰে মাজত মুন্না নামে পৰিচিতি
ডিব্ৰুগড়ৰ পাঁচআলিত জন্ম গ্ৰহণ কৰা ৰহমানৰ পিতৃ আছিল অসমৰ এগৰাকী খ্যাতনামা ফুটবল খেলুৱৈ মৰহুম ৰফিউৰ ৰহমানৰ কনিষ্ঠ পুত্ৰ।ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক কামত জড়িত থকাৰ লগতে পায়নিয়াৰ স্পৰ্টিং ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য আছিল। এগৰাকী অমায়িক ব্যক্তি হিচাবে পৰিচিত মুহিদুৰ ৰহমানে মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়। ৰহমানৰ জানাজা আজি ডিব্ৰুগড়ৰ স্থানীয় আমোলাপট্টি কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হব।তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ এগৰাকী শুভাকাংক্ষী, পাঁচ আলি মছজিদ কমিটি আদিকে ধৰি অনেক অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
Like this:
Like Loading...