ডিব্ৰুগড়ত পেঞ্চনাৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন
দুবছৰীয়া কাৰ্য্যকালৰ বাবে নতুন সমিতি গঠন
*চাইন অন ডেস্ক:*
ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰ সন্থা অসম, ডিব্ৰুগড় শাখাৰ দ্বাদশ দ্বি বাৰ্ষিক অধিবেশনৰ লগতে সাধাৰণ সভাখনি যোৱা মংগলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত থকা পেঞ্চন ভৱনত অনুষ্ঠিত হয়।পুৱা পতাকা উত্তোলন আৰু শ্বহীদ বেদীত শ্ৰদ্ধা তৰ্পণ কৰে ক্ৰমে সন্থাৰ সভাপতি ভীম বাহাদুৰ ছেত্ৰী আৰু দিলীপ কুমাৰ দাসে। সাধাৰণ সভাত অনুষ্ঠানটি উদ্বোধন কৰে উপদেষ্টা ভূবন মোহন দাসে। সম্পাদক মৃদুল শৰ্মাই উদ্দেশ্যে ব্যাখ্যা আৰু আঁত ধৰা অনুষ্ঠানত বাৰ্ষিক অধিবেশনৰ দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে । বিগত দুবছৰীয়া কাৰ্যকালৰ বাৰ্ষিক আয় ব্যয়ৰ হিচাপ দাখিল কৰে কোষাধ্যক্ষ বৃকোদৰ দাসে। ইয়াৰ পিচত সভাপতিয়ে পুৰণি সমিতিখন ভংগ কৰি এখন আগন্তুক দুবছৰীয়া ৩১ জনীয়া সমিতি সৰ্বসন্মতি ক্ৰমে গঠন কৰি দিয়ে। সেই মতে দিলীপ কুমাৰ দাসক সভাপতি, তৰুণ গগৈক উপসভাপতি, আৰু দুবছৰীয়া কাৰ্যকালৰ বাবে পুনৰ মৃদুল শৰ্মাক সম্পাদক হিচাপে নিৰ্বাচিত কৰে।ধনভঁৰালী হিচাপে দীপক কুমাৰ নেওগ নিৰ্বাচিত হয়। মঞ্চত উপবিষ্ট আছিল ঘাইকৈ মুহিউদ্দিন আহমেদ জিলানি, মৃণাল কান্তি বৰুৱা, চিতাৰা খাতুন, গুৰু নাম সিং, চুৰেইয়া নূৰ বেগম খান, থানু ৰাম বৰা, কিৰণ মেচ, ভূৱন মোহন দাস ইত্যাদি। নতুন সভাপতি আৰু সম্পাদকে সকলৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে নববৰ্ষৰ শুভেচ্ছা জনায়।
Like this:
Like Loading...